নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুল-প্ৰিয়ংকাক ৰাজনৈতিক পৰ্যটক আখ্যা পৱিত্ৰ মাৰ্ঘেৰিটাৰ

🔹 ধুবুৰীত সংবাদ মেলত মল্লিকাৰ্জুন খাৰ্গেক তীব্ৰ সমালোচনা 

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিল : আজি ধুবুৰীত এখন সংবাদ মেল সম্বোধন কৰি নিখিল‌ ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক তীব্ৰ সমালোচনা কৰে ৰাজ্যসভাৰ সাংসদ তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটাই। আজি এখন সংবাদ মেলত নিখিল‌ ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে অসমৰ ৰাইজক দেশপ্ৰেম, গণতন্ত্র, কংগ্ৰেছৰ লক্ষ্য আৰু সপোনাৰ বিষয়ে শিক্ষা দিয়া দেখি আমোদ পোৱা বুলি মন্তব্য কৰি মল্লিকাৰ্জুন খাৰ্গেক উভতি ধৰি মাৰ্ঘৰিটাই কয়- “খাৰ্গেজী আপোনাক স্বাগতম। কিন্তু এইগৰাকী সেইগৰাকীয়েই খাৰ্গেজী, যিগৰাকীয়ে ত্ৰিপুৰা আৰু নাগালেণ্ডত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছত সাংবাদিকে কৰা প্ৰশ্নত এই সৰু-সুৰা ৰাজ্যৰ ৰাজনীতিৰ কোনো গুৰুত্ব নাই বুলি মন্তব্য কৰিছিল। সৰু-সুৰা ৰাজ্য যদিও আমি অন্তৰৰ পৰা আপোনাক স্বাগতম জনাইছোঁ। কিন্তু এয়া স্পষ্ট যে লোকসভা আসনৰ সংখ্যাৰ ওপৰতেই তেওঁ প্ৰদেশ এখনক সন্মান বা মূল্যায়ন কৰে।” সাংসদগৰাকীয়ে আৰু কয়- “এটা কথা মই কওঁ- মহাশয় এইবাৰ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ ২৫খন আসনৰ ২৫খনেই মোদীজীৰ ফালে গৈ আছে আৰু কেতিয়াও আমাৰ ৰাজ্য বা ৰাজ্যবাসীক লোকসভা আসনৰ সংখ্যাৰ ভিত্তিত অৱমূল্যায়ন নকৰিব।” অসম আন্দোলনৰ সময়ত কংগ্ৰেছেই অসমৰ ৮৫৫গৰাকী নিৰস্ত্ৰ লোকক হত্যা কৰিছিল বুলিও আজিৰ সংবাদ মেলখনত উল্লেখ কৰে তেওঁ। মল্লিকাৰ্জুন খাৰ্গেক কটাক্ষ কৰি চীনৰ আক্ৰমণৰ সময়ত কংগ্ৰেছ দলৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰীগৰাকীয়ে চীনৰ ওচৰত অসমক সমৰ্পণ কৰা বুলিও মন্তব্য কৰে মাৰ্ঘেৰিটাই। মাৰ্ঘেৰিটাই খাৰ্গেক উদ্দেশ্যি কয়- “আপোনাৰ যুৱৰাজৰ ভাৰতৰ মানচিত্ৰত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আমি নায়েই। তেতিয়াহ’লে কিয় আমাক ইমান জ্ঞান দিবলৈ আহিছে।” খাৰ্গেই নিৰপেক্ষ সাংবাদিক অথবা কংগ্ৰেছ দলৰ নিৰপেক্ষ যুৱক এগৰাকীক শুধিলেই অসমৰ ১৪খন আসনৰ এখনো আসন নাপায় আৰু গোটেইকেইখন আসন প্ৰধানমন্ত্ৰী মোদীয়ে পাব বুলি অৱগত হ’ব বুলিও সংবাদ মেলখনত দাবী কৰে তেওঁ। আনহাতে, সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়েই হওক বা প্ৰিয়ংকা গান্ধীয়েই হওক বা খাৰ্গে- তেওঁলোক কেৱল নিৰ্বাচনৰ সময়ত অসম আৰু উত্তৰ-পূৰ্বাঞ্চললৈ আহে বুলি মন্তব্য কৰে আৰু তেওঁলোকক ৰাজনৈতিক পৰ্যটক বুলি আখ্যায়িত কৰে পৱিত্ৰ মাৰ্ঘেৰিটাই। আজিৰ সেই সংবাদ মেলখনত বিজেপিৰ ধুবুৰী জিলা সভাপতি প্ৰসেনজিৎ দত্ত, দলটোৰ জ্যেষ্ঠ নেতা বিমল কুমাৰ ওচৱাল, ডাঃ দেৱময় সান্ন্যাল, গোলকগঞ্জৰ প্ৰাক্তন বিজেপি বিধায়ক অশ্বিনী ৰায় সৰকাৰ প্ৰমুখ্যে আন কেইবাগৰাকী দলীয় নেতা উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like