নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰৰ কুকি উগ্ৰপন্থীৰ গুলীত শ্বহীদ হ’ল বৰপেটাৰ চিআৰপিএফ জোৱান

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিল : মণিপুৰৰ কুকি উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হ’ল বৰপেটাৰ ভেল্লাৰ  চি আৰ পি এফ জোৱান  নাছিৰ উদ্দিন সৰকাৰ। ভেল্লাৰ বনবৰীয়া গাঁৱত ঘৰ নাছিৰ উদ্দিনৰ। নিৰ্বাচনী কৰ্তব্য পালন কৰি উভতি অহাৰ সময়ত আদবাটতে গুলীয়াই হত্যা কৰে জোৱানজনক।এই খবৰ লাভ কৰাৰ পিছতে হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত। আজি পুৱা প্ৰায় ৭ বজাত গুৱাহাটী হেড কোৱাৰ্টাৰৰ পৰা ফোনযোগে এই দুঃখবৰটো নাছিৰ উদ্দিন সৰকাৰৰ পৰিয়ালক জনোৱা হয়। শ্বহীদ নাছিৰ উদ্দিনে পুত্ৰ আজিৰ উদ্দিন  সৰকাৰ, কন্যা নাৰ্জিমা বেগমৰ লগতে পত্নী আমেনা বেগমক এৰি গৈছে।

 

প্ৰেৰক গৌতম তালুকদাৰ

You might also like