নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰব সাগৰৰ জলৰাশিত ভাৰত–জাপানৰ নৌসেনাৰ সমৰ অনুশীলন

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ   ভাৰত আৰু জাপানৰ নৌসেনাই কালিৰে পৰা আৰব সাগৰৰ উত্তৰ প্রান্তৰ জলৰাশিত চলাই আছে যৌথ অনুশীলন৷ তিনিদিনীয়াকৈ দুয়োখন দেশৰ মাজত চলি থকা এই অনুশীলনত কেইবাখনো ৰণতৰী ব্যৱহাৰ কৰা হৈছে৷ ‘জাপান–ইণ্ডিয়া মেৰিটাইম এক্সাৰচাইজ’ (জেআইএমইএক্স) হিচাপে পৰিচিত দুয়োখন দেশৰ নৌসেনাৰ এয়া চতুর্থটো সমৰ অনুশীলন৷ জাপানৰ নৌসেনাই ইকাজুছি আৰু কাগা নামৰ দুখন ৰণতৰী ব্যৱহাৰ কৰিছে এই সমৰ অনুশীলনত৷ এই ৰণতৰী দুয়োখনৰ নেতৃত্ব প্রদান কৰিছে দেশখনৰ নৌসেনা বিষয়া ৰিয়াৰ এডমিৰেল ক’নো য়াছুশ্বিজেই৷ ইফালে, ভাৰতীয় নৌসেনাৰ ৰণতৰী চেন্নাই টার্কাছ আৰু দীপক ব্যৱহাৰ কৰা হৈছে এই অনুশীলনত৷ ভাৰতীয় নৌসেনাৰ ৰিয়াৰ এডমিৰেল কৃষ্ণ স্বামীনাথনে দুয়োখন ৰণতৰীৰ নেতৃত্ব প্রদান কৰিছে৷ স্মর্তব্য যে দুয়োখন দেশৰ নৌসেনাৰ বিষয়া তথা জোৱানসকলে এই সমৰ অনুশীলনত দক্ষতাৰ প্রদর্শন কৰিছে৷ যোৱা ৯ ছেপ্ঢেম্বৰত দুয়োখন দেশৰ মাজত হোৱা এক গুৰুত্বপূর্ণ চুক্তিৰ পিছত এয়া প্রথমটো দ্বিপাক্ষিক সমৰ অনুশীলন৷ কাইলৈ অন্ত পৰিব দুয়োখন দেশৰ মাজত আৰব সাগৰৰ জলৰাশিত চলি থকা এই সমৰ অনুশীলনৰ৷

You might also like