নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপ্রতিৰোধ্য ৰাজস্থানৰ সন্মুখত আজি কে কে আৰ

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ প্রথম দুখন মেচত ২০০ৰো অধিক ৰান সংগ্রহ কৰি জয় সাব্যস্ত কৰা ৰাজস্থান ৰয়েলছ আজি কলকাতা নাইট ৰাইডার্ছৰ মুখামুখি হ’ব৷ ডুবাই আন্তঃৰাষ্ট্রীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত দুয়োটা দল জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ ষ্টিভেন স্মিথ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছে শেহতীয়া মেচখনত কিংছ একাদশ পঞ্জাবৰ বিৰুদ্ধে ২২৪ ৰানৰ বৃহৎ লক্ষ্য অতিক্রম কৰি চাঞ্চল্যকৰ জয় সাব্যস্ত কৰিছিল৷

ইয়াৰ পূর্বে দলটোৱে তিনিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছক হৰুৱাই চলিত আই পি এলত সুন্দৰ আৰম্ভণি কৰিবলৈ সক্ষম হৈছিল৷ প্রথম দুখন মেচত দলটোৱে সঞ্জু ছেমছন আৰু ৰাহুল টেৱাটিয়াৰ দৰে দুগৰাকী উদীয়মান তাৰকাৰ সন্ধান লাভ কৰিছে৷ অধিনায়ক ষ্টিভেন স্মিথেও দুর্দান্ত বেটিঙেৰে দলৰ জয়ত মুখ্য ভূমিকা গ্রহণ কৰা দেখা গৈছে৷ কাইলৈৰ মেচত জ’ছ বাটলাৰ, ৰবীন উথাপ্পা আৰু ৰিয়ান পৰাগৰ পৰা ৰাজস্থান ৰয়েলছে উন্নত প্রদর্শন আশা কৰিব৷

উল্লেখ্য যে শেহতীয়া দুখন মেচত উথাপ্পা আৰু ৰিয়ান ব্যর্থ হোৱাত তেওঁলোকৰ স্থানত আজি মনন ভৰা আৰু যশস্বী জয়ছোৱালক মূল একাদশত সুযোগ দিয়াৰো সম্ভাৱনা নথকা নহয়৷ ইফালে, প্রথমখন মেচত শোচনীয় পৰাজয়ৰ পিছত কলকাতা নাইট ৰাইডার্ছে দুদিন পূর্বে ছানৰাইজার্ছ হায়দৰাবাদক বিধ্বস্ত কৰি আত্মবিশ্বাস ওভতাই পাইছে৷ যুৱ তাৰকা শুভমন গিল আৰু ইংলেণ্ডৰ অধিনায়ক ইয়ন মৰগানে প্রতিযোগিতাখনত সুন্দৰ ফর্মৰ ইংগিত দিছে যদিও এইপর্যন্ত অধিনায়ক দীনেশ কার্তিক, নীতিশ ৰাণা আৰু আন্দ্রে ৰাছেলে অনুৰাগীৰ প্রত্যাশা পূৰণ কৰিব পৰা নাই৷ আনহাতে, বলিঙত অষ্ট্রেলিয়ান তাৰকা পেট কামিনছে শেহতীয়া মেচখনত মিতব্যয়ী বলিং কৰিছে যদিও এইপর্যন্ত স্বাভাৱিক ছন্দ লাভ কৰা নাই স্পিনাৰ কুলদীপ যাদৱ আৰু সুনীল নাৰিনে৷

মন কৰিবলগীয়া যে দুয়োটা দলৰ বাবে কাইলৈ ডুবাইত প্রথমখন মেচ হ’ব৷ ইয়াৰ পূর্বে ৰাজস্থানে চমকপ্রদ জয় সাব্যস্ত কৰা দুয়োখন মেচ তুলনামূলকভাৱে সৰু গ্রাউণ্ড শ্বাৰজাহত অনুষ্ঠিত হৈছিল৷

খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা৷

You might also like