ক’ভিড–১৯এ পৃথিৱীত সৃষ্টি কৰিছে ‘নতুন ক্ষুধাতুৰ’ শ্রেণী
নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ ক’ভিড–১৯ মহামাৰীৰ ফলত পূব এছিয়া আৰু প্রশান্ত মহাসাগৰীয় দেশসমূহত ‘নতুন ক্ষুধাতুৰ’ৰ এক শ্রেণী সৃষ্টি হৈছে৷ শেহতীয়াকৈ বিশ্ব বেংকে ‘ফ্রম কণ্টেইনমেণ্ট টু ৰিক’ভাৰী’ শীর্ষক এক প্রতিবেদনত সদৰী কৰিছে এই তথ্য৷ বিশ্ব বেংকৰ এই প্রতিবেদন অনুসৰি চলিত বর্ষটোৰ শেষলৈ পূব এছিয়া আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দেশসমূহত নতুনকৈ ৩৮ নিযুত লোক দাৰিদ্র্যৰ গ্রাসত পৰিব৷
ইতিমধ্যেই ক’ভিড–১৯ মহামাৰীয়ে গোলকীয় অর্থনীতিলৈ কঢ়িয়াই আনিছে মন্দাৱস্থা৷ চলিত বর্ষটোত পূব এছিয়া আৰু প্রশান্ত মহাসাগৰীয় দেশসমূহত অর্থনৈতিক বৃদ্ধিৰ হাৰ হ’ব মাত্র ০.৯ শতাংশ৷ ১৯৬৭ চনৰ পিছত এই অঞ্চলটোত অর্থনৈতিক ক্ষেত্রত চলিছে মহামন্দাৱস্থা৷ লক্ষণীয়ভাৱে ২০ বছৰৰ ভিতৰত এই অঞ্চলটোত অভাৱনীয়ভাৱে বৃদ্ধি পাব দৰিদ্রতা৷ বিশ্ব বেংকৰ পূব এছিয়া আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলৰ উপাধ্যক্ষৰ দায়িত্বত থকা ভিক্টোৰিয়া কাৱাকাৱাই এই সতর্কবাণী কৰিছে প্রতিবেদনত৷