নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিএডিৰ বৈধ–অবৈধ অস্ত্র জব্দৰ দাবী

বিটিচিত চৰকাৰ গঠন কৰিব নোৱাৰিলে ৰাজনীতিৰ পৰা সন্ন্যাস ল’ব সাংসদ নৱ কুমাৰ শৰণীয়াই

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ   ক’ৰোনা ভাইৰাছৰ বাবে বিটিচিৰ পৰিষদীয় নির্বাচন বাতিল কৰি ৰাজ্যপালৰ শাসন প্রৱর্তন কৰা হৈছিল যদিও তাৰ মাজতেই ৰাজনৈতিক দলসমূহে তীব্রগতিত নির্বাচনী প্রচাৰ অব্যাহত ৰাখিছে৷ এনে তীব্র নির্বাচনী প্রচাৰৰ মাজতে কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়ায়ো দাবী কৰিছে যে এইবেলি গণ সুৰক্ষা পার্টী চমুকৈ জিএছপিয়ে ত্রিশখনতকৈ অধিক আসন লাভ কৰি পৰিষদীয় চৰকাৰ গঠন কৰিব৷ আজি কোকৰাঝাৰ চহৰৰ বড়োলেণ্ড অতিথিশালাত আয়োজন কৰা এখন সংবাদ মেলত সাংসদ শৰণীয়াই বিটিচি পৰিষদীয় নির্বাচন সংক্রান্তত কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য কৰে৷ শেহতীয়াকৈ বিটিআৰ চুক্তি কার্যকৰী কৰা পদক্ষেপক আদৰণি জনাই তেওঁ কয় যে বিটিআৰ চুক্তি স্বাক্ষৰ হোৱাৰ পূর্বে বিটিএডিৰ আন জাতি–জনগোষ্ঠীয় দল–সংগঠনৰ সৈতে কোনো ধৰণৰ আলোচনা–বিলোচনা কৰা হোৱা নাছিল৷ যাৰ বাবে সম্প্রতি ভূমি অধিকাৰৰ বিষয়টোক লৈ অবডো ৰাইজ পুনৰ আশংকাত ভুগিছে৷ কিয়নো বিগত সোতৰ বছৰ কাল বিটিএডিত শাসন কৰা হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিটিচি পৰিষদীয় চৰকাৰে অবডো ৰাইজৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ ক্ষেত্রত কোনো কামেই নকৰিলে৷ বর্তমান প্রমোদ বডোৰ নেতৃত্বত স্বাক্ষৰিত হোৱা বিটিআৰ চুক্তিত অবডো ৰাইজৰ ভূমিৰ অধিকাৰ সম্পর্কীয় দফাটো কিছু সংশোধন কৰা হৈছে যদিও অবডো জনতা আশ্বস্ত হ’ব পাৰা নাই বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে৷ আনপিনে বিটিএডিৰ পৰা মাথোঁ ৫২খন অবডো অধ্যুষিত গাঁৱহে কর্তন কৰিব বিচৰাত তেওঁ আশ্চর্য প্রকাশ কৰে৷ সাংসদ শৰণীয়াই কয় যে মাথোঁ ৫২খন নহয়, ৯৬০খন গাঁও বিটিএডিৰ পৰা কর্তন কৰাৰ দাবী উত্থাপন হোৱাৰ উপৰি পঞ্চাশ শতাংতকৈ কম বডো জনসংখ্যা থকা আৰু পঞ্চাশ শতাংশতকৈ অধিক অবডো বসতিপ্রধান গাঁও সামৰি মুঠতে ওঠৰ শৰ পৰা প্রায় দুহেজাৰ গাঁও কর্তন কৰা প্রসংগও আহি পৰিছে৷ তদুপৰি বিটিএডিত এজনো বাংলাদেশী নাই বুলিও শৰণীয়াই সংবাদ মেলত দাবী কৰে৷ বিটিচি নির্বাচন সম্পর্কে সাংসদগৰাকীয়ে কয় যে ক’ৰোনাৰ গইনা লৈ ৰাজ্যপালৰ শাসন চলি থকা বিটিএডিত যদি ৰাজ্যপালৰ শাসনৰ অন্ত পৰাৰ পিছত পুনৰ বৃদ্ধি কৰে, তেন্তে বিটিএডিৰ পৰিস্থিতি ভয়াৱহ হ’ব পাৰে৷ তেওঁশীঘ্রে বিটিচি নির্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনায়৷ বিপিএফ, বিজেপি আৰু ইউপিপিএল দলৰ সৈতে জিএছপিৰ প্রাক নির্বাচনী অথবা নির্বাচনোত্তৰ গোপন বুজাবুজি আছে নেকি বুলি সাংবাদিকে জানিব বিচৰাত সাংসদ শৰণীয়াই জনায় যে কোনো দলৰ সৈতে জিএছপিৰ বুজাবুজি নাই৷ জিএছপিয়ে এইবাৰৰ বিটিচি পৰিষদীয় নির্বাচনত ৩০খনতকৈও অধিক আসন লাভ কৰাটো নিশ্চিত৷ কিন্তু এই মুহূর্তত নির্বাচন অনুষ্ঠিত হ’লে ইউপিপিএল দলে দুখনতকৈ অধিক আসন নাপায়৷ আৰু যদি জিএছপি পৰিষদীয় নির্বাচনত কোনো কাৰণত হাৰে, তেন্তে ৰাজনীতিৰ পৰা সন্ন্যাস গ্রহণ কৰিব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে সাংসদ শৰণীয়াই৷ বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীৰ সৈতে সু–সম্পর্ক আছে নেকি বুলি জানিব বিচৰাত তেওঁ কয় যে কাৰো সৈতে তেওঁৰ ব্যক্তিগত সম্পর্ক বেয়া নহয়৷ কিন্তু সেয়া ৰাজনৈতিক নহয়৷ শেহতীয়াকৈ বিটিএডি আর্মীৰ কমাণ্ডাৰ ধনঞ্জয় শৰণীয়াৰ অভিযোগ সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি বিটিএডিৰ ক’ত ক’ত কাৰ হাতত কিমান সংখ্যক অস্ত্র–শস্ত্র আছে সেয়া দেখুৱাই দিবলৈ প্রত্যাহ্বান জনাই সাংসদগৰাকীয়ে কয় যে ধনঞ্জয়ৰ পূর্বৰ পৰাই বিএলটি আৰু বিপিএফৰ সৈতে সম্পর্ক আছিল৷ তেওঁ বিটিএডিৰ অবৈধ অস্ত্র–শস্ত্রৰ লগতে বৈধ অস্ত্রসমূহো জব্দ কৰিবলৈ দাবী জনায়৷ একেদৰে সাংসদ শৰণীয়াই বডো–বডোৰ ৰাজনীতি নিবিচাৰে, নকৰে বুলি মন্তব্য কৰে৷

You might also like