হৃদয় বিদাৰক! দুই কণমানি সন্তানসহ মাতৃৰ আত্মহত্যা
নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ পাঠশালাৰ তালতলত এগৰাকী মহিলাৰ আত্মহত্যা। দুই কণমানি কন্যা সন্তানক লগত লৈ আত্মহত্যা কৰে মহিলাগৰাকীয়ে। ৰেল পথৰ দাঁতিত উদ্ধাৰ তিনিওৰে মৃতদেহ। এগৰাকী ৩ বছৰীয়া আৰু আনগৰাকী ৫বছৰীয়া সন্তানক লৈ আত্মহত্যা মহিলাগৰাকীৰ। স্বামীগৃহ পৰিয়ালৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি এই পথ বাছি লোৱাৰ সন্দেহ কৰিছে।
স্থানীয় ৰাইজৰ মতে বিবাহৰ পাছৰে পৰা স্বামীগৃহৰ অকথ্য নিৰ্যাতন চলাই আহিছিল কেইবাবাৰো অত্যাচাৰ সহ্য কৰিব নোৱাৰি মাতৃগৃহলৈ গুছি গৈছিল মহিলাগৰাকী। মৃত মহিলাগৰাকী মিনুৱাৰা খাতুন বুলি চিনাক্ত কৰা হৈছে। আত্মহত্যাৰ পূৰ্বেও দুগৰাকী ননদৰ অত্যাচাৰৰ বলি হৈছিল মিনুৱাৰা। অতি শীঘ্ৰে মহিলাগৰাকীক স্বামী হানিফ আলীক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত কৰিবলৈ আহ্বান জনাইছে ৰাইজে।