নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অসম আৰক্ষী দিৱস’ত আৰক্ষীৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনি ঘোষণা

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ আজি ৭০ সংখ্যক ‘অসম আৰক্ষী দিৱস’ উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়ন গ্ৰাউণ্ডত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেখেতে পেৰেড পৰিদৰ্শন কৰাৰ লগতে গাৰ্ড অৱ অ’নাৰ গ্ৰহণ কৰে।

কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ শ্বহীদসকলৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে আজি শ্ৰদ্ধাঞ্জলি জনায় । লগতে এই অনুষ্ঠানতে ‘New Dimension in Policing: The Case of Assam Police as Frontline anti-COVID Workers’ শীৰ্ষক এখন গ্ৰন্থ মুকলি কৰে।

 আনহাতে ‘অসম আৰক্ষী দিৱস’ৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী সোণোৱালে আজি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। এই ঘোষণাসমূহ হৈছে-

  • সংকটৰ সময়ত আগবঢ়োৱা ৰাজহুৱা সেৱাৰ বাবে আৰক্ষীক ‘Chief Minister’s Special Services medal for Outstanding Services in a Crisis Situation’ প্ৰদান কৰা হ’ব
  • ক’ভিড-১৯ৰ দৰে দুৰ্যোগপূৰ্ণ সময়ত উল্লেখযোগ্য সেৱা আগবঢ়োৱা আৰক্ষীসকলক সন্মানিত কৰিবলৈ ‘State Disaster Response Medal’ (SDRM) প্ৰৱৰ্তন কৰা হ’ব
  • অসম আৰক্ষীৰ বিষয়া-কৰ্মচাৰীসকলৰ বাবে বাৰ্ষিক স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব। লগতে, ৪০ বছৰৰ ঊৰ্ধৰ আৰক্ষীসকলৰ নিৰ্দিষ্ট সময়সীমাৰ মূৰে মূৰে স্বাস্থ্য পৰীক্ষা কৰোৱা হ’ব
  • অসম আৰক্ষীৰ লগতে সহযোগীসকলৰ বাবে ৰেচনৰ ধন ১,২০০ টকাৰপৰা ২,০০০ টকালৈ বৃদ্ধি
  • ‘এক পদ, এক নম্বৰ’ৰ ব্যৱস্থা ঘোষণা। ইয়াৰ অধীনত এটা স্থায়ী ফোন নম্বৰ নিম্ন পৰ্যায়ৰপৰা উচ্চ পৰ্যায়লৈ, সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হ’ব
  • শিশু সম্পৰ্কীয় গোচৰ সুচাৰুৰূপে সমাধান কৰাৰ ক্ষেত্ৰত আৰক্ষীক কাৰিকৰী সহযোগিতা আগবঢ়োৱাৰ বাবে ‘অসম শিশু মিত্ৰ সমল কেন্দ্ৰ’ৰ শুভাৰম্ভণি

তদুপৰি, চাইবাৰ ক্ৰাইম ৰোধ কৰাৰ দিশত অসমজুৰি বিশেষকৈ যুৱপ্ৰজন্মৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে ‘চাইবাৰ সুৰক্ষা মাহ’ (#CyberSafetyMonth)ৰো শুভাৰম্ভ কৰে।

You might also like