নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ নৱেম্বৰৰ পৰা খুলিব ৰাজ্যৰ বিদ্যালয়–মহাবিদ্যালয়

আনলক ৫.০ঃ শিক্ষামন্ত্রী ড০ শর্মাৰ ঘোষণা

নিয়মীয়া বাৰ্তা ২ অক্টোবৰঃ   এমাহ–দুমাহ নহয়, সুদীর্ঘ ৭ মাহৰ অন্তত অহা ১ নৱেম্বৰৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ৷ কেন্দ্রীয় চৰকাৰে আজিৰে পৰা সমগ্র দেশত আনলক–৫.০ আৰম্ভ কৰিছে৷ এই আনলক–৫.০ৰ অধীনত বিভিন্ন খণ্ডত শিথিলতা বৃদ্ধি কৰিছে৷ এই শিথিলতাৰ অধীনতে যোৱা মার্চ মাহৰ মাজভাগৰ পৰা বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহ খোলাৰ ক্ষেত্রত ৰাজ্য চৰকাৰসমূহক কর্তৃত্ব অর্পণ কৰিছে৷ কেন্দ্রই শিক্ষানুষ্ঠানসমূহ অহা ১৫ অক্টোবৰৰ পৰা খোলাৰ ক্ষেত্রত ৰাজ্য চৰকাৰক কর্তৃত্ব অর্পণ কৰাৰ পাছতেই অসম চৰকাৰে অহা ১ নৱেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ পৰিকল্পনা কৰিছে৷ বৃহস্পতিবাৰে শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰে৷ মন্ত্রী ড০ শর্মাই কয় যে কেন্দ্রীয় চৰকাৰে শিক্ষানুষ্ঠানসমূহ অহা ১৫ অক্টোবৰৰ পৰা খোলাৰ ক্ষেত্রত ৰাজ্য চৰকাৰসমূহক কর্তৃত্ব অর্পণ কৰিছে যদিও অসম চৰকাৰে ১৫ অক্টোবৰৰ পৰিৱর্তে অহা ১ নৱেম্বৰৰ পৰাহে শিক্ষানুষ্ঠানসমূহ খোলাৰ চিন্তা–চর্চা অব্যাহত ৰাখিছে৷ মন্ত্রী ড০ শর্মাই ৰাজ্যখনত বর্তমান ক’ভিডৰ সংক্রমণ ৬–৭ শতাংশৰ পৰা ২.৪১ শতাংশলৈ হ্রাস পোৱাৰ কথা উল্লেখ কৰি কয় যে জনসাধাৰণে যদি মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব মানি চলে, তেতিয়াহ’লে অক্টোবৰ মাহৰ ভিতৰত নিশ্চিতভাৱে ৰাজ্যখনত ক’ভিডৰ সংক্রমণ আৰু তললৈ নামি আহিব৷ যোৱা তিনিটা দিনত স্বাস্থ্য বিভাগে কৰা নমুনা পৰীক্ষাৰ ফলাফলে সেই প্রাৰম্ভিক ইংগিত বহন কৰিছে৷ অৱশ্যে ইয়াৰ বাবে জনসাধাৰণে আসন্ন দুর্গাপূজাৰ সময়ছোৱাত ক’ভিড সম্পর্কীয় সকলো ধৰণৰ সতর্কতা অৱলম্বন কৰি চলিব লাগিব৷

এই প্রসংগতে উল্লেখনীয় এয়ে যে কেন্দ্রৰ গাইড লাইন অনুসৰি অসম চৰকাৰে ইতিমধ্যে যোৱা ২১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যখনত নৱম, দশম, একাদশ আৰু দ্বাদশ শ্রেণীৰ ক’ভিডৰ প্রট’কল অনুসৰণ কৰি পৰীক্ষামূলকভাৱে শিক্ষানুষ্ঠানত পাঠদান প্রক্রিয়া আৰম্ভ কৰিছে৷ আন শ্রেণীসমূহ খোলা নাই যদিও শিক্ষানুষ্ঠানত শিক্ষক–কর্মচাৰী নিয়মিত ৰূপত উপস্থিত হৈছে৷ এতিয়া কেন্দ্রৰ আনলক–৫.০ৰ অধীনত শিক্ষানুষ্ঠানসমূহ অসম চৰকাৰে অহা ১ নৱেম্বৰৰ পৰা খোলাৰ পৰিকল্পনা কৰিছে৷ অৱশ্যে কেন্দ্রই শিক্ষানুষ্ঠান খোলাৰ কর্তৃত্ব ৰাজ্য চৰকাৰসমূহক অর্পণ কৰিলেও ক’ভিড সম্পর্কীয় সতর্কতা অৱলম্বন কৰিব লাগিব৷ সংশ্লিষ্ট শিক্ষানুষ্ঠান ব্যৱস্থাপনা কমিটীৰ সৈতে আলোচনা কৰি সাম্প্রতিক পৰিস্থিতিৰ পর্যালোচনা কৰিহে শিক্ষানুষ্ঠানসমূহ খুলিব পাৰিব৷ অসমত যিহেতু ক’ভিডৰ সংক্রমণ হ্রাস পাই আহিছে, তাৰ পৰিপ্রেক্ষিততেই ৰাজ্য চৰকাৰে অহা ১ নৱেম্বৰৰ পৰা শিক্ষানুষ্ঠানসমূহত পুনৰ পাঠদান আৰম্ভ কৰিব বিচাৰিছে৷ অৱশ্যে ক’ভিড প্রট’কল অনুসৰণ কৰি শিক্ষানুষ্ঠানসমূহত কেনেদৰে পাঠদান চলিব, সেই বিষয়ে অনাগত দিনত এছ অ’ পি প্রকাশৰ পাছতে সমগ্র ছবিখন পৰিষ্কাৰ হৈ পৰিব৷

You might also like