নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাইনী সন্দেহত দুজনক মৰিয়াই হত্যা, শিৰশ্ছেদ কৰি দিলে জ্বলাই

কার্বি আংলঙৰ ডকমকাত ভয়ংকৰ কাণ্ড

নিয়মীয়া বাৰ্তা ২ অক্টোবৰঃ   ৰাজ্যজুৰি ক’ৰোনা মহামাৰীৰ আতংকই সাধাৰণ জনতাক সন্ত্রস্ত কৰি ৰখাৰ সময়তে কার্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তর্গত লাংহিনৰ ৰহিমাপুৰ নামৰ এক অতিকে প্রত্যন্ত এলেকাত ডাইনীৰ সন্দেহত দুজন লোকক একেখন গাঁৱৰে একাংশ উন্মত্ত লোকে নৃশংসভাৱে হত্যা কৰি মৃতদেহ জ্বলাই দিয়াৰ দৰে এক ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ ঘটনাৰ বিৱৰণী অনুসৰি, গাঁওখনৰ এগৰাকী যুৱতী যোৱা কিছুদিন ধৰি গুৱাহাটীত চিকিৎসাধীন হৈ থকাৰ পাছত তিনি দিন পূর্বে যুৱতীগৰাকীৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়৷ সেই অনুসৰি বুধবাৰে যুৱতীগৰাকীৰ তিনিদিনীয়া সামাজিক ক্রিয়া–কর্ম অনুষ্ঠিত হৈ থকা অৱস্থাতে গাঁওখনৰে আন এগৰাকী যুৱতীয়ে অস্বাভাৱিক আচৰণ কৰিবলৈ আৰম্ভ কৰে৷ পাছত ‘গাত দেও লম্ভা’ বুলি গাঁওবাসীয়ে ধাৰণা কৰাৰ লগতে উক্ত যুৱতীগৰাকীয়ে ওচৰৰে ৰমাৱতী হালোৱা নামৰ মহিলাগৰাকী ডাইনী বুলি অভিযোগ কৰাৰ লগতে মহিলাগৰাকীৰ বাবেই গাঁওখনৰ অপায়–মংগল সংঘটিত হৈ থকা বুলি গাঁওবাসীক অৱগত কৰে৷ লগে লগে গাঁওখনৰ একাংশ উন্মত্ত যুৱকে ৰমাৱতী হালোৱাক মাৰধৰ কৰি নৃশংসভাৱে হত্যা কৰে৷ গাঁওবাসীৰ এনে অযুক্তিকৰ কাম–কাজত বাধা দিবলৈ গাঁওখনৰে এগৰাকী প্রাথমিক বিদ্যালয়ৰ শিক্ষক বিজয় গৌড নামৰ যুৱকজন আগবাঢ়ি আহে যদিও উন্মত্ত জনতাই যুৱকজনকো কোবাই কোবাই অতি নৃশংসভাৱে হত্যা কৰে৷ অন্ধবিশ্বাসত জ্ঞানশূন্য হৈ পৰা গাঁওবাসীয়ে ইমানতে ক্ষান্ত নাথাকি দুয়োটা মৃতদেহৰ শিৰশ্ছেদ কৰি পূজা আগবঢ়োৱাৰ পাছত মৃতদেহ দুটা এখন নদী পাৰ কৰি চোঁচৰাই নি এটা পাহাৰৰ ওপৰত দাহ কৰে৷ উন্মাদ লোকসকলে মহিলাগৰাকীৰ কিশোৰী কন্যাগৰাকীকো হত্যাৰ চেষ্টা চলায় যদিও কিশোৰীগৰাকী নিশাটো ধাননিৰ মাজত লুকাই থাকি কোনোমতে প্রাণ ৰক্ষা কৰি আজি পুৱা ডকমকা থানাত হাজিৰ হয়হি৷ আনহাতে, উক্ত হত্যাকাণ্ডৰ ঘটনাত জডিত এজন দুষৃকতিকাৰীয়ে আজি পুৱা ডকমকা থানাত আত্মসমর্পণ কৰে৷ ঘটনাৰ উমান পায়েই আৰক্ষীৰ এক বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ কার্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী, উপ–আৰক্ষী অধীক্ষক নাহিদ কৰীশ্মাকে ধৰি আৰক্ষী প্রশাসনৰ উচ্চস্তৰীয় লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ আৰক্ষীয়ে মৃতদেহৰ অৱশিষ্ট, হত্যাকাণ্ডত ব্যৱহাৰ হোৱা অস্ত্র আদি জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে৷ এই সন্দর্ভত সম্প্রতি ৯জন লোকক আটক কৰি আনি ডকমকা থানাত সোধা–পোছা অব্যাহত ৰাখিছে৷ পৰৱর্তী পর্যায়ত আন বহুকেইজন লোক গ্রেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে৷ ঘটনাটোৱে সমগ্র এলেকাজুৰি সৃষ্টি কৰিছে তীব্র প্রতিক্রিয়া

You might also like