লিডুত ভয়ংকৰ অগ্নিকাণ্ডঃ ৯টা বাসগৃহ সম্পূৰ্ণ ভস্মীভূত
নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ লিডুত আজি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা-সম্পত্তিসহ ৯টাকৈ বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায়।
উল্লেখ্য যে আজি দিনৰ ভাগত সংঘটিত হোৱা অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই সংঘটিত হয় বুলি স্থানীয় লোকে ব্যক্ত কৰিছে। লিডুৰ আৰক্ষী চকীৰ অন্তৰ্গত ৭ নম্বৰ এলেকাত সংঘটিত হোৱা এই অগ্নিকাণ্ডত আশা পাছোৱান, কালিয়ান তপ্ন’, পৱন চাৱাশী, বাবলু তাঁতী, বেটাব মালী, অনিল বাৰা, সঞ্জু তাঁতী আৰু শৰ্মা বাজে নামৰ ব্যক্তিকেইজনৰ ঘৰ সম্পূৰ্ণৰূপে জাহ যায়।
অগ্নিকাণ্ডৰ খবৰ পাই মাৰ্ঘেৰিটাৰ অগ্নিনিৰ্বাপক বাহিনী ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈছিল যদিও বাঁহ-পাতৰ ঘৰ হোৱা হেতুকে নিমিষতে ৯টাকৈ বাসগৃহ জুইত জাহ যায়। এই অগ্নিকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে এইদৰে ৯টা পৰিয়ালৰ বাসগৃহ ভস্মীভূত হোৱাত দুখীয়া পৰিয়ালকেইটাৰ জীৱনলৈ কাল অমানিশা নামি অহা পৰিলক্ষিত হৈছে।
অগ্নিকাণ্ডৰ সমগ্ৰ ঘটনাক লৈ লিডু আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। স্থানীয় ৰাইজে প্ৰশাসনক ৯টা পৰিয়ালৰ দায়িত্ব ল’বলৈ অনুৰোধ কৰাৰ লগতে বাসগৃহ নিৰ্মাণ কৰি দিয়াত সহায়ৰ হাতত আগবঢ়াবলৈ আহ্বান জনাইছে।