নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৰ–বীজ–হাঁহ–কুকুৰা যোগানৰ নামত প্রাগ্ এগ্রোই লুটিছে লাখ লাখ টকা

নিয়মীয়া বাৰ্তা ৫ অক্টোবৰঃ   সমবায় সমিতিৰ নাম লৈ ৰাজ্যৰ দৰিদ্র জনতাৰ তেজ শুহি খোৱাত নামি পৰিছে একাংশ প্রৱঞ্চক৷ বছৰ বছৰ ধৰি প্রৱঞ্চক চক্রটোৰ লুণ্ঠনৰ বলি হৈছে চহা ৰাইজ৷ বিগত ৩ বছৰত অসমৰ গাঁৱে–ভূঞে বিয়পি পৰা প্রলোভন–প্রৱঞ্চনা আৰু লুণ্ঠনৰ এখন বৃহৎ জাল শেহতীয়াকৈ পোহৰলৈ আহিছে৷ পূর্বতে পূর্বাঞ্চল বহুমুখী সমবায় সমিতি লিমিটেড আৰু এতিয়া প্রাগ এগ্রো লিমিটেডৰ নামত ভুৱা আঁচনিৰে ব্যাপক হাৰত ধন সংগ্রহ চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ লক্ষণীয় কথাটো হ’ল, ৰাজ্যখনৰ ১৭খন জিলাৰ ৩০০ গাঁও পঞ্চায়তত দীর্ঘদিন ধৰি এইদৰে ধন সংগ্রহ চলি আছে৷ সমবায় সমিতিৰ নাম লৈ এই বৃহৎ লুণ্ঠনৰ নেতৃত্ব দিছে হেমন্ত কুমাৰ গগৈ আৰু ৰামনাথ তাঁতী নামৰ দুজন লোকে৷ অভিযোগ অনুসৰি, নিউ পূর্বাঞ্চল বহুমুখী সমবায় সমিতিৰ উপ–সভাপতি হেমন্ত কুমাৰ গগৈ আৰু গাণনিক ৰামনাথ তাঁতীয়ে ২০১৭ চনতে লুণ্ঠনৰ পাতনি মেলিছিল৷ তেওঁলোকে সেই সময়ত বাতৰিকাকতত বিজ্ঞাপন দি বহুসংখ্যক গাঁও পঞ্চায়তত একোজনকৈ ক্ষেত্র পৰিদর্শক নিযুক্তি দিছিল আৰু তেওঁলোকৰ জৰিয়তে বিভিন্ন লোকৰ পৰা সাৰ–বীজৰ দোকান আবণ্টনৰ নামত ২৭ হাজাৰকৈ টকা সংগ্রহ কৰে৷ কিন্তু দীর্ঘদিন উকলি যোৱাৰ পাছতো দোকান, সাৰ–বীজ একোকে লাভ নকৰিলে ধন আদায় দিয়া লোকসকলে৷ হেমন্ত কুমাৰ গাগৈ আৰু ৰামনাথ তাঁতীৰ লুণ্ঠনৰ উদাহৰণ হিচাপে আঙুলিয়াই দিব পাৰি দৰং জিলালৈ৷ ২০১৭ চনত গগৈ আৰু তাঁতীয়ে নিউ পূর্বাঞ্চল বহুমুখী সমবায় সমিতি লিমিটেডৰ নামত দৰং জিলা পৰিষদৰ জৰিয়তে কাকতত এটা বিজ্ঞাপন প্রকাশ কৰে আৰু বিজ্ঞাপনৰ জৰিয়তে জিলা পৰিষদৰ অধীনস্থ বিভিন্ন গাঁও আৰু আঞ্চলিক পঞ্চায়তত ক্ষেত্র পৰিদর্শক নিযুক্তিৰ বাবে আবেদন আহ্বান কৰে৷ ইয়াৰ পাছত দৰং জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়াই ক্ষেত্র পৰিদর্শকৰ বাবে প্রতিখন গাঁও পঞ্চায়তৰ পৰা নির্বাচিত প্রার্থীৰ এখন তালিকা প্রস্তুত কৰি উলিয়ায়৷ সেই অনুসৰি নিউ পূর্বাঞ্চল বহুমুখী সমবায় সমিতিয়ে মাহিলি ৬,৫০০ টকাৰ বিনিময়ত ক্ষেত্র পৰিদর্শকসকলক নিযুক্তি দিয়ে৷ প্রশিক্ষণৰ অন্তত ক্ষেত্র পৰিদর্শকসকলে গাঁৱৰ খেতিয়কৰ পৰা সাৰ–বীজ যোগানৰ বাবে সদস্যভর্তিৰ নামত ৩৪০ টকাকৈ সংগ্রহ কৰে৷ পৰৱর্তী সময়ত পূর্বাঞ্চল বহুমুখী সমবায় সমিতিৰ তৰফৰ পৰা উক্ত সাৰ–বীজ মজুত ৰাখিবৰ বাবে একোখনকৈ দোকানৰ ব্যৱস্থা কৰি দিয়াৰ কথা কোৱা হ’ল৷ উক্ত দোকান তথা দোকানৰ অনুজ্ঞাপত্রৰ নামত ২৫ হাজাৰকৈ আৰু ন্যায়ালয়ৰ আনুষংগিক কামৰ বাবদ ২ হাজাৰকৈ টকা সমবায় সমিতিখনে সংগ্রহ কৰে৷ এইদৰে একোজন খেতিয়কৰ পৰা ২৭ হাজাৰকৈ দৰং জিলাৰ ১৪খন পঞ্চায়তৰ পৰা মুঠ ৭.০৫ লাখ টকা পূর্বাঞ্চল সমবায় সমিতিয়ে আদায় কৰে৷ এই ঘটনাৰ পাছত দুটা বছৰ উকলি গ’ল৷ সাৰ–বীজ আজি দিম, কাইলৈ দিম বুলি কৈ কৈ মূৰ পোলোকা মাৰিলে সমবায় সমিতিখনৰ উপ–সভাপতি হেমন্ত গগৈ আৰু গাণনিক ৰামনাথ তাঁতীয়ে৷ ৰাইজে ধাৰাবাহিকভাৱে হেঁচা দিবলৈ লোৱাত সমিতিয়ে উপৰিউক্ত মূল্যৰ এখন চেক দিয়ে আৰু ২০২০ৰ ৩০ এপ্রিলৰ পাছতহে বেংকত জমা দিবলৈ কয়৷ কিন্তু বেংকত জমা দিয়াৰ পাছত স্বাভাৱিকভাৱে চেকখন বাউঞ্চ হয়৷ এই ঘটনাৰ পাছত আৰু ছমাহ উকলি গ’ল৷ ভুক্তভোগীসকলে আৰক্ষীৰ সহায় লোৱাৰ কথা ক’লে গগৈ–তাঁতীয়ে ওলোটাই থানা মেনেজ হৈ আছে বুলি ধমকিহে লগায়৷ এয়া হ’ল কেৱল এখন জিলাৰ উদাহৰণহে৷ পূর্বাঞ্চল বহুমুখী সমবায় সমিতি লিমিটেডৰ নামত ২০১৭ চনৰ পৰা দৰিদ্র জনতাৰ ধন আত্মসাৎ কৰি অহা হেমন্ত কুমাৰ গগৈ আৰু ৰামনাথ তাঁতীয়ে এইবাৰ প্রাগ এগ্রো লিমিটেডৰ নামত নানা প্রলোভনেৰে জিলাই জিলাই ধন সংগ্রহত নামি পৰিছে৷ বীজ–সাৰৰ দোকান, হাঁহ–কুকুৰাৰ ফার্ম, মাছ উৎপাদন–বিক্রী কেন্দ্রৰ নামত তেওঁলোকে আৰক্ষী–প্রশাসনৰ জ্ঞাতসাৰেই লুণ্ঠন চলাই অহাৰ অভিযোগ উঠিছে৷ এগ্রো লিমিটেডৰ সদস্য হোৱা কৃষকক তেওঁলোকে অগভীৰ নলীনাদৰ ব্যৱস্থা কৰি দিয়াৰো ভুৱা প্রতিশ্রুতি দিয়ে৷ কিন্তু এবাৰ ধন আদায় দিয়াৰ পাছত চহা খেতিয়কে হেমন্ত গগৈ–ৰামনাথ তাঁতীৰ ছাঁটোকে দেখিবলৈ নোপোৱা হয়৷ প্রাগ এগ্রো লিমিটেডৰ প্রৱঞ্চনা আৰু লুণ্ঠনত সর্বস্বান্ত হোৱা ৰাইজে এতিয়া সমবায় সমিতিখনৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ দাবী উত্থাপন কৰিছে৷

You might also like