এছ আই কেলেংকাৰিঃ চি বি আইৰ ওপৰত বিশ্বাস নাই ৰিপুণ বৰাৰ
নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ চি বি আইৰ ওপৰত বিশ্বাস নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ। চি বি আই বৰাৰ মতে বিজেপি চৰকাৰৰ হাতৰ পুতলা। আজি ৰাজ্যজুৰি অসম আৰক্ষীৰ উপপৰিদৰ্শকৰ নিযুক্তি কেলেংকাৰিক মূল বিষয় হিচাপে লৈ কংগ্ৰেছ দলৰ কৰ্মীসকলে কৰা প্ৰতিবাদৰ সময়ত গুৱাহাটীৰ মেঘদূত ভৱনৰ ওচৰত কৰা প্ৰতিবাদস্থলীৰ পৰা এনে মন্তব্য কৰে ৰিপুণ বৰাই।
বৰাই লগতে উপপৰিদৰ্শকৰ নিযুক্তি কেলেংকাৰিৰ ন্যায়িক তদন্তৰ পোষকতা কৰে। বৰাৰ মত যে চি বি আইৰ সলনি ন্যায়াধীশৰ জৰিয়তে কৰা ন্যায়িক তদন্তৰ পৰাহে এই কেলেংকাৰিৰ সত্যাসত্য ওলাই পৰিব। বৰপেটাত কংগ্ৰেছ নেতাও এই কেলেংকাৰিৰ সৈতে সাঙোৰ খোৱা প্ৰসংগত বৰাই কয় যে কেলেংকাৰিৰ সৈতে যিয়েই জড়িত নাথাকক তেওঁক আইনৰ ফালৰ পৰা শাস্তি বিহাটো কংগ্ৰেছে বিচাৰে।
উল্লেখ্য আজি ৰাজ্যজুৰি কংগ্ৰেছ কৰ্মীয়ে কৰা প্ৰতিবাদৰ সময়ত বহুসংখ্যক নেতা-পালিনেতাক আটক কৰে আৰক্ষীয়ে।