হঠাতে আহিল বান, ধেমাজিত উটুৱাই নিলে কেইবাখনো ডাম্পাৰ
নিয়মীয়া বাৰ্তা,৫ অক্টোবৰঃ অসম-অৰুণাচল সীমান্তৰ লিকাবালিত গাইনদীৰ প্ৰবল বানত উটি গ’ল কেইবাখনো ডাম্পাৰসহ দুখন এস্কেভেটৰ। ইয়াৰে তিনিখনকৈ ডাম্পাৰত আছিল চালক।
এগৰাকী ডাম্পাৰচালকক উদ্ধাৰ কৰা হৈছে যদিও আন দুগৰাকী চালক এতিয়াও সন্ধানহীন হৈ আছে। লিকাবালিৰ শিলৰ মহলৰ পৰা শিল কঢ়িওৱা কামত ব্যস্ত হৈ থকা সময়তে হঠাতে অহা প্ৰলয়ংকৰী বানত উটি যায় ডাম্পাৰকেইখন।
উল্লেখ্য প্ৰবল বৃষ্টিপাতৰ ফলত অৰুণাচলৰ পাহাৰৰ পৰা নামি অহা পানীয়ে নদীখনত সৃষ্টি কৰে প্ৰলয়ংকৰী বানৰ। সম্প্ৰতি পানীৰ মাজতে আবদ্ধ হৈ থকা ডাম্পাৰকেইখনো উদ্ধাৰ কৰিব পৰা হোৱা নাই।