নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত গ্রেপ্তাৰ ডিএফ’সহ এচিএফ

ট্রেক্টৰ মালিকৰ পৰা ধন দাবী

নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ  এখন ট্রেক্টৰ মোকলাই দিয়াৰ নামত ৫০ হাজাৰ টকা উৎকোচ গ্রহণ কৰা অৱস্থাত সোমবাৰে লখিমপুৰৰ দুই বন বিষয়াক হাতে–লোটে ধৰা পেলায় দুর্নীতি নিবাৰক শাখাই৷ ঘটনাটো সংঘটিত হয় লখিমপুৰ নগৰৰ সমীপৰ জাপিসজীয়ত থকা জিলা বন বিষয়াৰ কার্যালয়ত৷ আজি বিয়লি দুর্নীতি নিবাৰক শাখাৰ অতর্কিত অভিযানত কার্যালয়টোত উৎকোচ গ্রহণ কৰোঁতে এই বিষয়া দুজন ধৰা পৰে৷ জানিব পৰা মতে, জিলাখনৰ লালুক এলেকাৰ সমীপৰ তিনিঠেঙীয়া গোহাঁই দলনিৰ এজন যুৱকৰ ট্রেক্টৰ এখন কিছুদিন পূর্বে বন বিভাগে জব্দ কৰিছিল৷ যুৱকজনে ট্রেক্টৰখন মোকলাই নিবৰ বাবে বিধিগত সকলো ব্যৱস্থা কৰে যদিও বন বিষয়াই যুৱকজনক ১ লাখ ৮৫ হাজাৰ টকা উৎকোচ দাবী কৰে৷ যুৱকজনে সংগোপনে দুর্নীতি নিবাৰক শাখাৰ লগত যোগাযোগ কৰে৷ দুর্নীতিগ্রস্ত বিষয়াদ্বয়ক হাতে–লোটে ধৰাৰ বাবে দুর্নীতি নিবাৰক শাখাই আবেলিলৈ যুৱকজনক ৫০ হাজাৰ টকা দিবলৈ দিয়ে৷ যুৱকজনে ডি এফ অ’ যাদৱ চন্দ্র নাথ আৰু এ চি এফ জাচিম আহমেদক ২৫ হাজাৰকৈ টকা বিয়লি কার্যালয়ৰ ভিতৰতে দিয়ে আৰু খাপ পিটি থকা দুর্নীতি নিবাৰক শাখাৰ ৫জনীয়া দলটোৱে বিষয়াদ্বয়ক হাতে–লোটে ধৰে৷ লগে লগে দলটোৱে বিয়লিৰ পৰা সন্ধিয়া পর্যন্ত কার্যালয়টোৰ কর্মচাৰীক সোধা–পোছা, নথিপত্র পৰীক্ষা কৰি অভিযান চলায়৷ সন্ধিয়াৰ পাছত ধৃত দুয়ো বিষয়াসহ ভালেমান নথিপত্র লৈ যায় দুর্নীতি নিবাৰক শাখাই৷

উল্লেখ্য যে উৎকোচ গ্রহণ কাণ্ডৰ মাজত যোগাযোগকাৰী ৰূপে কাম কৰা এই কার্যালয়তে কর্মৰত ফৰেষ্টাৰ প্রণৱ জ্যোতি দত্তকো দুর্নীতি নিবাৰক শাখাই গ্রেপ্তাৰ কৰিছে৷ কার্যালয়টোৰ উপৰি বিষয়াদ্বয়ৰ বিভাগীয় আৱাসতো তালাচী চলায় দুর্নীতি নিবাৰক শাখাই৷ লখিমপুৰত বন ধ্বংসৰ পৃষ্ঠপোষক ৰূপে জিলাৰ বিষয়াজনক অভিহিত কৰি তেওঁক বদলি কৰা অথবা শাস্তিৰ দাবীত আছু, অসমীয়া যুৱ মঞ্চ, টাইপা আদি সংগঠনে বহুবাৰ প্রতিবাদী কার্যসূচী গ্রহণ কৰিছে যদিও চৰকাৰে কোনো গুৰুত্ব দিয়া নাছিল৷ অৱশেষত সোমবাৰে উৎকোচ লৈ বিষয়াজন গ্রেপ্তাৰ হ’বলগীয়া হোৱা ঘটনাই সংগঠনসমূহৰ অভিযোগৰ সত্যতা প্রতিপন্ন হ’ল৷ অসমীয়া যুৱ মঞ্চ, ছাত্র সন্থা আদিয়ে বিষয়াজন দুর্নীতি নিবাৰক শাখাৰ জালত পৰাৰ খবৰ শুনি কার্যালয়টোত ভিৰ কৰে৷ জিলা ছাত্র সন্থাৰ সম্পাদক ধনমণি দত্ত, অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক অনুপম শইকীয়া আদিয়ে দুর্নীতিগ্রস্ত বিষয়াজন জালত পৰাটো লখিমপুৰৰ বাবেই নহয়, অসমৰ বাবেই শুভ বুলি মন্তব্য কৰিছে৷
ডি এফ অ’ যাদৱ চন্দ্র নাথৰ হেঙেৰাবাৰীৰ বাসগৃহত দুর্নীতি নিবাৰকৰ অভিযান
লখিমপুৰত উৎকোচ লৈ হাতে–লোটে গ্রেপ্তাৰ হোৱা ডি এফ অ’ যাদৱ চন্দ্র নাথৰ মহানগৰীৰ হেঙেৰাবাৰীস্থিত বাসগহতো সোমবাৰে তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই অভিযান চলায়৷ তদাৰকী আৰু দুর্নীতি নিবাৰণ শাখাৰ এটা দহজনীয়া দলে ডি এফ অ’ যাদৱ চন্দ্র নাথৰ হেঙেৰাবাৰীস্থিত সাৰথি পথৰ ২৯নং বাসগৃহত সন্ধিয়াৰ পৰা অভিযান চলায়৷ অভিযানকাৰী দলটোৰ লগত টকা হিচাপ কৰা যন্ত্র লৈ ডি এফ অ’ নাথৰ ঘৰত প্রৱেশ কৰে৷ অভিযানৰ সময়ত নাথৰ বাসগৃহত পত্নী আৰু জীয়ৰী উপস্থিত আছিল৷ অভিযানকাৰী দলটোৱে দুর্নীতিপৰায়ণ বিষয়াজনৰ বাসগৃহত নগদ ধন বা ধনৰ লেনদেন সম্পর্কীয় নথি–পত্র জব্দ কৰিবলৈ সক্ষম হৈছে নে নাই জানিব পৰা হোৱা নাই৷

You might also like