ডুবাইত মুকলি হ’ব বিশ্বৰ সর্ববৃহৎ ফোৱাৰা
নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ গীনিজ ৱর্ল্ড বুকত লিপিবদ্ধ হ’বলৈ মাজত মাথোঁ ১৬ দিন বাকী৷ ডুবাইত বিশ্বৰ সর্ববৃহৎ ফোৱাৰা (ফাউণ্টেন) অহা ২২ অক্টোবৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব৷ ডুবাইৰ পইণ্টেত অৱস্থিত এই ফোৱাৰাটোৱে ১৪ হাজাৰ বর্গফুট অঞ্চল সাঙুৰি ল’ব৷ ইয়াৰ পানীৰ উচ্চতা ১০৫ ফুট আৰু ফোৱাৰাটোত তিনি হাজাৰতকৈ অধিক এল ই ডি লাইট আছে৷
নখিল মলছৰ পৰিচালন সঞ্চালক অমৰ খুড়ীয়ে প্রকাশ কৰা মতে পইণ্টেৰ গ্রাহকক আকর্ষণ কৰাৰ লগতে পর্যটকৰ আকর্ষণীয় স্থলী হিচাপে গঢ়ি তোলাৰ বাবে বিশ্বৰ বৃহত্তম ফোৱাৰাটি নির্মাণ কৰা হৈছে৷ সূর্যাস্ত আৰু মাজৰাতি বিশেষকৈ সন্ধিয়া ৭ বজাৰ পৰা ১২ বজাৰ ভিতৰত প্রতিদিনে এই ফোৱাৰাটোৰ ৫টা প্রদর্শনী কৰা হ’ব৷ আলোকসজ্জাৰে সজ্জিত এই ফোৱাৰাটো চলাৰ সময়ত খালিজ, প’প, শাস্ত্রীয়, আন্তর্জাতিক আৰু অনেক সংগীত বাজি থাকিব৷ প্রতিটো প্রদর্শন ৩ মিনিট ধৰি চলিব আৰু প্রতি ৩০ মিনিটৰ মূৰে মূৰে এই ফোৱাৰাটোৰ প্রদর্শন কৰা হ’ব৷ চীনৰ বৃহত্তম ফোৱাৰা বিশেষজ্ঞ বেইজিং ৱাটাৰ ডিজাইন টেকন’লজীৰ অধ্যক্ষ জিন ছুৱে প্রকাশ কৰা মতে ডুবাইৰ পাল্ম ফাউণ্টেন প্রস্তুত কৰিব পৰাটো তেওঁলোকৰ কোম্পানীৰ বাবে গৌৰৱৰ বিষয়৷ এই ফোৱাৰাটোৰ ডিজাইন নির্মাণ আৰু পৰিচালনা তেওঁলোকৰ কোম্পানীটোৱে কৰিব৷ এই ফোৱাৰাটো মুকলি হোৱাৰ পিছতেই গীনিজ ৱর্ল্ড ৰেকর্ডছৰ অধিকাৰী হ’ব৷
তাৎপর্যপূর্ণ যে ডুবাইৰ আকর্ষণৰ তালিকাত এই ফোৱাৰাটো নতুনকৈ সন্নিৱিষ্ট হ’ব৷ উল্লেখ্য যে পইণ্টে হৈছে ডুবাইৰ এক আকর্ষণীয় স্থলী৷ এই বাণিজ্যিক আকর্ষণীয় স্থলী পইণ্টেক অধিক আকর্ষণীয় কৰি তোলাৰ বাবে ফোৱাৰাটি নির্মাণ কৰি তোলা হৈছে৷ ফোৱাৰাটি মুকলি হ’লেই অঞ্চলটোৰ বাণিজ্যিক প্রতিষ্ঠানসমূহলৈ গ্রাহকৰ ভিৰ বাঢ়িব, ঠিক তেনেদৰে দেশী–বিদেশী পর্যটকৰো আকর্ষণৰ কেন্দ্রবিন্দু হ’ব৷