নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনীতিৰ ঊর্ধ্বত জাতিক একত্রিত কৰাৰ প্রচেষ্টাত ব্রতী চৰকাৰ

যোৰহাটত ভূমিপট্টা প্রদান কার্যসূচীত মন্ত্রী ড০ শর্মা

নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ   ক’ভিডকেন্দ্রিক অস্থিৰ পৰিৱেশ তথা প্রতিবন্ধকতাৰ মাজতো অসম চৰকাৰে বিৰামহীন উন্নয়নেৰে অসমত বিকাশৰ এক নতুন বুৰঞ্জী ৰচনা কৰিবলৈ সক্ষম হৈছে৷ –এই মন্তব্য ৰাজ্যৰ বিত্ত, স্বাস্থ্য, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ সোমবাৰে যোৰহাটৰ পীতাম্বৰ দেৱগোস্বামী প্রেক্ষাগৃহত ৫,০১৪ লোকক ভূমিৰ পট্টা প্রদান কৰি এই মন্তব্য কৰাৰ লগতে মন্ত্রীগৰাকীয়ে কয়– দুর্যোগৰ সময়তো ৰাজনীতিৰ ঊর্ধ্বত গৈ জাতিক একত্রিত কৰাৰ প্রচেষ্টাত ব্রতী হৈছে চৰকাৰ৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মন্ত্রী ড০ শর্মাই কয় যে ২০১৬ চনত বিজেপি নেতৃত্বত ক্ষমতালৈ অহাৰ পাছত মুখ্যতঃ দুটা দিশত সর্বাধিক গুৰুত্ব দিছিল ৰাজ্য চৰকাৰখনে৷ তেওঁ কয়– মুখ্যতঃ দুটা দিশত চৰকাৰে সর্বাধিক মনোনিৱেশ কৰিছিল– বিকাশ আৰু হেৰাই যাব ধৰা ঐতিহ্য উদ্ধাৰ কৰা৷ সমান্তৰালভাৱে চৰকাৰখনে অস্তিত্ব ৰক্ষাৰ যুঁজতো গুৰুত্ব দিছিল৷ ক’ভিডকেন্দ্রিক পৰিৱেশে ৰাজ্যখনলৈ নমাই অনা জটিল পৰিস্থিতিৰ মাজতো চৰকাৰখনে অসম মালাৰ দৰে উন্নয়নমুখী আঁচনিৰে ৰাজ্যখনক বিকাশৰ দিশলৈ আগুৱাই নিবলৈ সক্ষম হৈছে৷ যোৱা ৬ মাহৰ কঠিন পৰিস্থিতিৰ মাজতো এই চৰকাৰে বিশ্বনাথ চাৰিআলি, চৰাইদেউ, গোৱালপাৰাত এখনকৈ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু গুৱাহাটীত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় হাস্পতাল স্থাপনৰ পৰিকল্পনা প্রস্তুত কৰিবলৈ সক্ষম হৈছে৷ যেতিয়া দেশৰ আন ৰাজ্যই অর্থনৈতিক দুৰৱস্থাৰ লগত যুঁজি আছিল, সেই সময়তে বীৰাংগনা সতী সাধনীৰ দৰে বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে চৰকাৰখন৷ যি সময়ত চৰকাৰী কর্মচাৰীৰ দৰমহাৰ ক্ষেত্রত আন ৰাজ্যই আপোচ কৰিব লগা হৈছে, সেই সময়ত চৰকাৰে ৩ টকাকৈ চাউল বিনামূলীয়াকৈ দিয়াই নহয়, কুশল কোঁৱৰ বৃদ্ধ আঁচনিক সার্বজনীন ৰূপ দি ১৩ লাখ লোকক অতিৰিক্তকৈ পেন্সন প্রদান কৰিছে৷ ইন্দিৰা মিৰি বিধৱা পেন্সনৰ জৰিয়তে প্রতিগৰাকী বিধৱা মহিলাক সামাজিক ন্যায় ব্যৱস্থাৰ সৈতে জড়িত কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্য চৰকাৰখনে বিনামূলীয়া নামভর্তিৰ জৰিয়তে নৱপ্রজন্মক জ্ঞান–প্রজ্ঞান দুৱাৰডলিৰ পৰা তেওঁলোকৰ আৰোহণ আৰম্ভ কৰিবলৈ প্রেৰণা যোগাইছে৷ স্বয়ম আঁচনিৰ জৰিয়তে ৬ লাখ ছাত্র–ছাত্রীক উপকৃত কৰা হৈছে৷ কঠিন সময়ছোৱাৰ মাজতে শিক্ষক নিযুক্তি আৰু প্রাদেশিকীকৰণ প্রক্রিয়াক চৰকাৰখনে আগুৱাই নিবলৈ সক্ষম হৈছে৷ এই সময়ছোৱাতে অৰুন্ধতী আঁচনিৰ জৰিয়তে নৱবিবাহিত যুৱতীক এক তোলা সোণৰ মূল্য ৪০ হাজাৰ টকা, আনন্দৰাম বৰুৱা বঁটা সময় মতে প্রদান কৰি ১৬ হাজাৰ ছাত্র–ছাত্রীক অনুপ্রাণিত কৰা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ ছাত্রীক স্কুটী আৰু বাণীকান্ত কাকতি বঁটা প্রদান কৰি বিকাশৰ এক নতুন দিগন্ত চুবলৈ সক্ষম হৈছে৷ সেয়াই নহয়, অৰুণোদয় আঁচনিৰ দৰে সর্বব্যাপী আঁচনিৰ দ্বাৰা ৰাইজৰ ওচৰত নতুন কল্পনা দাঙি ধৰিবলৈ সক্ষম হৈছে চৰকাৰখনে৷ ইয়াৰ জৰিয়তে ২০ লাখ লোক নৱেম্বৰ মাহৰ পৰা উপকৃত হ’ব৷ সেইদৰে ৰাজ্যৰ প্রতিটো নামঘৰলৈ চৰকাৰে ৮ হাজাৰ টকাকৈ অনুদান আগবঢ়াই আধ্যাত্মিকতাৰ বন্তিগছি জ্বলাই ৰখাৰ প্রেৰণা আমি যোগাইছোঁ৷ ক’ৰোনা পৰিৱেশৰ মাজতে ৩.৫ লাখ যুৱক–যুৱতীক বহিঃৰাজ্যৰ পৰা ঘৰলৈ ওভতাই অনাৰ লগতে তেওঁলোকক আর্থিক সাহায্য দিয়াৰ ক্ষেত্রত চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে৷ এফালে অস্তিত্বৰ সংকট, আনফালে বানপানীৰ দৰে দুর্যোগৰ সময়ত ৰাইজৰ ওচৰত থিয় দিয়াৰ সংকল্প আৰু বিৰামহীন প্রগতিৰ যাত্রাক অবিৰতভাৱে আগুৱাই নিয়াত চৰকাৰখন সফল হৈছে৷ ৰাজনীতিৰ ঊর্ধ্বত গৈ জাতিক একত্রিত কৰাৰ প্রচেষ্টাত এই চৰকাৰখন ব্রতী হৈছে৷ মন্ত্রী ড০ শর্মাই পুনৰ কয়– অসমৰ পুৰণি সত্র, ঐতিহাসিক ক্ষেত্র আদিৰ ভূমি সন্দেহজনক লোকে বেদখল কৰি অস্তিত্বলৈ সংকট কঢ়িয়াই আনিছিল৷ কিন্তু চৰকাৰখনে ১৩ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে৷ অসমৰ এনে কিছু সমষ্টি আছে, যিবোৰত ২৫ বছৰ আগৰ ভোটাৰ তালিকা আৰু এতিয়াৰ ভোটাৰ তালিকা মিলাই চালে দেখা পোৱা যাব কিদৰে আমাৰ অস্তিত্ব সংকটৰ দিশলৈ গৈ আছে৷ কিন্তু এনে অস্তিত্বৰ সংকটৰ পাছতো বিৰামহীন প্রগতিৰ যাত্রাৰে ৰাজ্যখনক আগুৱাই নিয়াৰ সংকল্প গ্রহণেৰে দেশৰ শ্রেষ্ঠ ৰাজ্য হিচাপে প্রতিষ্ঠা লাভ কৰিছে৷ উল্লেখ্য যে যোৰহাট জিলাৰ টীয়ক, তিতাবৰ, মৰিয়নি, যোৰহাট ৰাজহ চক্রৰ প্রায় ৫,০১৪ লোকক আজি ভূমিৰ পট্টা দিয়া হয়৷ অনুষ্ঠানত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মী, যোৰহাটৰ উপায়ুক্ত ৰশ্মি অপৰঞ্জি কৰাটি, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী কুমুদ কছাৰীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে৷ এই অনুষ্ঠানৰ পাছতেই মন্ত্রী ড০ শর্মাই যোৰহাটৰ ন–আলিত নির্মীয়মাণ উৰণীয়া সেতুৰ কামৰ অগ্রগতিৰ বুজ লয়৷ অহা ’২১ চনৰ ভিতৰত উৰণীয়া সেতুখনৰ নির্মাণ সম্পূর্ণ হ’ব বুলিও তেওঁ সাংবাদিকক জানিবলৈ দিয়ে৷ তদুপৰি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সন্মুখৰ পথত আন এখন উৰণীয়া সেতু নির্মাণ হ’ব বুলিও তেওঁ উল্লেখ কৰে৷

You might also like