WHOৰ দাবী- ১০গৰাকীৰ ভিতৰত এগৰাকী হ’ব ক’ৰোনা সংক্ৰমিত…
নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ প্ৰতি ১০ গৰাকীৰ এগৰাকী লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ আশংকা ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। কালি এক বৈঠকত সংস্থাটোৱে লগতে এনে ঘটনা হ’লে বৰ্তমানৰ মৃত্যৰ হাৰতকৈ ২০ গুণ লোক মৃত্যুমুখত পৰিব পাৰে বুলি শংকা প্ৰকাশ কৰে।
সংস্থাটোৱে লগতে ক’ৰোনাই পৰিস্থিতি ভৱিষ্যতলৈ আৰু বেয়া কৰিব পাৰে বুলি কয়। বিশ্ব স্বাস্থ্য সংস্থাৰ আপাতকালীন বিভাগৰ মুৰব্বী ডাঃ মাইকেল ৰিয়ানৰ মতে, ক’ৰোনাৰ সংক্ৰমণৰ দিশৰ পৰা গাঁও আৰু নগৰৰ মাজত সংখ্যাগত পাৰ্থক্য থাকিব পাৰে, কিন্তু ই বিশ্বৰ সকলো কোণকে চুইছে।
ডাঃ ৰিয়ানে লগতে উল্লেখ কৰে যে দক্ষিণ-পূব এছিয়াত ক’ৰোনা ভাইৰাছৰ বাবে পৰিস্থিতি বেয়াৰ দিশে গতি কৰি আছে, তথাপি ইউৰোপত মৃত্যুৰ সংখ্যা বেছি হোৱাৰ বিপৰীতে আফ্ৰিকাত পৰিস্থিতি কিছু উন্নত।
আনহাতে বৰ্তমান বিশ্বত ১০ শতাংশ লোক কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে, অৰ্থাত প্ৰায় ৭৬০ কোটি জনসংখ্যাৰ বিশ্বত ৭৬ কোটি লোক সংক্ৰমিত হোৱাৰ আশংকা আছে।
বৰ্তমানলৈ বিশ্বত মাত্ৰ ৩.৫ শতাংশ লোকহে ক’ৰোনা সংক্ৰমিত হৈছে আৰু মৃত্যুমুখত পৰিছে ১০ লাখ লোক। গতিকে ক’ৰোনাৰ সংহাৰ আৰু বহুদিনলৈ চলাৰ আশংকা আছে।