নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ অৱশেষত ক্ষমা খুজিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে। ব্ৰাহ্মণ-মহন্ত-গোসাঁইক ভিক্ষাৰী নিৰ্লজ বুলি মন্তব্য কৰিছিল। লগতে আছুৰ নেতাকো কাটি টুকুৰা-টুকুৰ কৰিম বুলি মন্তব্য কৰাৰ পাছতে বিধায়কগৰাকীৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছিল সাধাৰণ জনতা। তাৰ পিছতে ক্ষমা খুজিলে ৰমাকান্ত দেউৰীয়ে।
মৰিগাঁৱৰ এখন জনসভাত বিধায়কগৰাকীয়ে কৈছিল যে ব্ৰাহ্মণসকল ভিক্ষাৰী, নিৰ্লজ। বামুণৰ নিচিনা ভিক্ষাৰী মই নহয়, মহন্ত-গোঁসায়ে আমাক ব্যৱহাৰ কৰি আহিছে। আমাৰ জাতি-জনগোষ্ঠীসকলক ৰাস্তালৈ মাতি আনি গুলীয়াই মাৰিছে। সিহঁত ৰজাৰ দৰে নেতা হৈ আহিছে। এইবাৰ টুকুৰা-টুকুৰকৈ কাটি দিম। মোক চিনি পোৱা নাই বুলি তীব্ৰ অসাংবিধানিক মন্তব্য কৰিছিল বিধায়কগৰাকীয়ে।