পি কে পুৰাণঃ ক’ত আছিল পলাই, কেনেদৰে জালত পৰিল আৰক্ষীৰ…
কাকৰভিঠাত গ্রেপ্তাৰ এছ আই কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড
নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছআই) পদৰ চাঞ্চল্যকৰ নিযুক্তি কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড পি কে দত্ত অৱশেষত আৰক্ষীৰ হাতত গ্রেপ্তাৰ হ’ল৷ যোৱা পোন্ধৰ দিন পলাতক হৈ থকাৰ পিছত মঙলবাৰে ভাৰত–নেপাল আন্তর্জাতিক সীমান্তৰ কাকৰভিঠাৰ পানীটেংকিৰ পৰা কুখ্যাত অৱসৰপ্রাপ্ত ডিআইজি পি কে দত্তক গ্রেপ্তাৰ কৰা হয়৷
নেপালৰ পৰা এখন গাড়ীৰে কাকৰভিঠা হৈ জোঁৱায়েক ছজন ডংগল মহাৰাজ আৰু পুত্র ঈশান দত্তৰ সৈতে পশ্চিমবংগ অভিমুখে আহি আছিল এছআই নিযুক্তি কেলেংকাৰিৰ খলনায়ক পি কে দত্ত৷ আত্মসমর্পণৰ বাবে পশ্চিমবংগ অভিমুখে আহি থকা অৱস্থাত মঙলবাৰে পুৱা প্রায় ১০.৩০ বজাত কাকৰভিঠাৰ পানীটেংকিৰ ওচৰৰ নেপালৰ সীমান্তত থকা তালাচী চকীত গাড়ীখন নিয়মীয়া তালাচীৰ বাবে ৰখায় এছ এছ বিৰ জোৱানে৷
তালাচীৰ সময়ত নথিপত্র পৰীক্ষা কৰি সন্দেহ হোৱাত গাড়ীত থকা দত্তসহ তিনিওজনক ওচৰতে থকা ইমিগ্রেচন চেণ্টাৰলৈ আনি সোধা–পোছা কৰাত পি কে দত্তই তেওঁ অসমৰ গুৱাহাটীৰ বাসিন্দা বুলি পৰিচয় দিয়ে৷ অসম আৰক্ষীৰ এক শীর্ষসূত্রই জনোৱা মতে পি কে দত্তই অসমৰ বুলি পৰিচয় দিয়াৰ পিছতে এছ এছ বিৰ জোৱানে তেওঁলোকক কেন্দ্রটোত আটক কৰি ৰাখে আৰু এই বিষয়ে পশ্চিমবংগৰ দার্জিলিং আৰক্ষীক খবৰ দিয়ে৷
উল্লেখ্য যে এছআই পদৰ নিযুক্তি কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড পি কে দত্ত আৰু দিবন ডেকা পলাতক হৈ আছিল৷ ইয়াৰ পিছতে অসম আৰক্ষীয়ে এখন সংবাদ মেল পাতি পি কে দত্ত আৰু দিবন ডেকাক এছআই পদৰ নিযুক্তি কেলেংকাৰিৰ পলাতক অভিযুক্ত হিচাপে ঘোষণা কৰি লুকআউট নটিচ জাৰি কৰিছিল৷ লগতে দুই পলাতক অভিযুক্তৰ সন্ধান দিওঁতাক এক লাখকৈ মুঠ দুই লাখ টকাৰ আর্থিক পুৰস্কাৰ ঘোষণা কৰিছিল৷
তদুপৰি দুর্নীতিৰ সদাগৰ পি কে দত্তৰ উক্ত কেলেংকাৰি পোহৰলৈ অহাৰ পিছতে পুত্র ঈশান দত্তৰ সৈতে নেপাললৈ পলায়ন কৰাৰ তথ্য পোহৰলৈ আহিছিল৷ আনহাতে, লুকআউট নটিচ জাৰি কৰাৰ পিছতে ভাৰত আৰু নেপাল সীমান্তৰ আৰক্ষীক পি কে দত্তৰ পলায়নৰ বিষয়টো জনাই দিয়া হৈছিল৷ সেই মর্মে ভাৰত–নেপাল সীমান্তৰ কাকৰভিঠাৰ পানীটেংকিত নিয়মীয়া তালাচীৰ সময়ত এছ এছ বিয়ে পি কে দত্তসহ পুত্র আৰু জোঁৱায়েকক আটক কৰি দার্জিলিং জিলাৰ শিলিগুৰি আৰক্ষীক গতাই দিয়ে৷ শিলিগুৰি আৰক্ষীয়ে পি কে দত্তসহ তিনিওকে গ্রেপ্তাৰ কৰি শিলিগুৰি থানালৈ আনে আৰু এই বিষয়ে অসম আৰক্ষীক অৱগত কৰে৷
পি কে দত্তক গ্রেপ্তাৰৰ তথ্য লাভ কৰাৰ পিছতে কুখ্যাত অৱসৰপ্রাপ্ত আৰক্ষী বিষয়াজনক অসমলৈ অনাৰ বাবে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোছনৰ নেতৃত্বত এটা দল শিলিগুৰিলৈ ৰাওনা হয়৷ কোকৰাঝাৰৰ আৰক্ষীৰ দলটোৱে শিলিগুৰিলৈ গৈ পি কে দত্তক পশ্চিমবংগ আৰক্ষীৰ পৰা চমজি লৈ অসম অভিমুখে লৈ আহে আৰু নিশা গুৱাহাটীত উপস্থিত হয়। নিশাটো চি আই ডিৰ জিম্মাত ৰাখে দত্তক।
উল্লেখ্য যে এছআই পৰীক্ষাৰ প্রশ্নকাকত ফাদিল হোৱা ঘটনাত পি কে দত্ত জড়িত থকাৰ তথ্য পোহৰলৈ অহাৰ পিছত ২১ ছেপ্টেম্বৰত দত্তৰ গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত বাসগৃহত চি আই ডিৰ এটা বৃহৎ দলে অভিযান চলাইছিল৷ চি আই ডিৰ দল উপস্থিত হোৱাৰ পূর্বে দত্তই বাসগৃহৰ পৰা পলায়ন কৰিছিল৷
চি আই ডিৰ দলটোৱে দত্তৰ বাসগৃহত কেইবাঘণ্টা ধৰি অভিযান চলাই ১.৫২২ কিলোগ্রাম সোণ, এটা অনুজ্ঞাপত্রৰ ম্যাদ উকলা পইণ্ট ৩২ পিষ্টল আৰু এছআই পদৰ চাকৰি প্রার্থীৰ এডমিট কার্ড জব্দ কৰিছিল৷ পৰৱর্তী সময়ত দত্তৰ মালিকানাধীন গুৱাহাটীৰ পল্টন বজাৰ, গণেশগুৰি, লখৰা আৰু বেতকুছিত থকা ভার্গৱ গ্রেণ্ডৰ চাৰিখন হোটেলত চি আই ডি আৰু ক্রাইম ব্রাঞ্চে অভিযান চলাইছিল৷ চি আই ডি আৰু ক্রাইম ব্রাঞ্চৰ দলে অভিযান চলাই দত্তৰ মালিকানাধীন হোটেলত ধনৰ বিনিময়ত এছআই পদৰ চাকৰি ক্রয় কৰিব বিচৰা প্রার্থী বাহৰ পাতি থকাৰ তথ্য লাভ কৰাৰ লগতে উক্ত পদৰ পৰীক্ষাৰ পূর্বে আগতীয়া পৰীক্ষাৰ অনুশীলন কৰাৰো তথ্য লাভ কৰিছিল৷
এছআই পদৰ নিযুক্তি কেলেংকাৰি সংঘটিত কৰি হাজাৰ হাজাৰ নিবনুৱাক আশাহত কৰা এইজন কুখ্যাত আৰক্ষী বিষয়াৰ হোটেলত উক্ত কেলেংকাৰিৰ ঘাটি পতা বুলি তথ্য লাভ কৰাৰ পিছতে ক্রাইম ব্রাঞ্চে দত্তৰ পল্টনবজাৰস্থিত ভার্গৱ হোটেল ছীল কৰি দিয়াৰ লগতে লখৰাস্থিত ভার্গৱ ইনৰ দুটা কোঠা আৰু বেতকুছিস্থিত হোটেল ভার্গৱ গ্রেণ্ডৰ ২৯টা কোঠা ছীল কৰি দিয়ে৷ আৰক্ষীৰ মহাপৰিদর্শক পদবীৰ পৰা অৱসৰ গ্রহণ কৰা পি কে দত্ত অসম আৰক্ষীৰ দ্বিতীয়জন ধনী আৰক্ষী বিষয়া হিচাপে পৰিচিত৷
নিজ কার্যকালত বক্র পথেৰে আয় বহির্ভূতভাৱে সম্পত্তি আহৰণ কৰা এইজন দুর্নীতিগ্রস্ত অৱসৰপ্রাপ্ত আৰক্ষীৰ নামত আছে প্রায় ২০০ কোটিৰো টকাৰ স্থাৱৰ–স্থাৱৰ সম্পত্তি৷ ইয়াৰ পিছতো ধনৰ লুভীয়া পি কে দত্তই অৱসৰপ্রাপ্ত আৰক্ষী বিষয়া হোৱাৰ পিছতো খোদ আৰক্ষীৰ এছআই পদৰ নিযুক্তি কেলেংকাৰিত জড়িত হৈ বিভাগটোক চিৰদিনৰ বাবে কলংকিত কৰে৷ এইজন পি কে দত্ত গ্রেপ্তাৰ হোৱাৰ পিছতে এছআই কেলেংকাৰিৰ বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে যদিও আৰক্ষীয়েও তদন্ত প্রক্রিয়া কিদৰে আগবঢ়ায়, সেয়া পৰৱর্তী সময়ত লক্ষণীয় হ’ব৷