নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সকলো নিযুক্তি বাছনি পৰীক্ষা বিশ্ববিদ্যালয়ে পতাৰ চিন্তা–চর্চা

মুখ্যমন্ত্রী–৫ উপাচার্যৰ গুৰুত্বপূর্ণ বৈঠক

নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ   এতিয়াৰে পৰা বাহিৰৰ ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানৰ জৰিয়তে কোনো নিযুক্তিৰ সাক্ষাৎকাৰ অনুষ্ঠিত নকৰে অসম চৰকাৰে৷ ইয়াৰ পৰিৱর্তে ৰাজ্যখনৰ বিশ্ববিদ্যালয়সমূহ অধীনতে নিযুক্তিৰ বাছনি পৰীক্ষা অনুষ্ঠিত কৰাৰ চিন্তা–চর্চা কৰিছে ৰাজ্য চৰকাৰে৷ এই কথা প্রকাশ কৰিছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই৷ উল্লেখ্য যে অসম আৰক্ষীৰ উপ–পৰিদর্শক বাছনিৰ বাবে অনুষ্ঠিত কৰিবলগীয়া লিখিত পৰীক্ষাৰ প্রশ্নকাকত ফাদিল কেলেংকাৰিয়ে ৰাজ্যখনত তীব্র জোকাৰণিৰ সৃষ্টি কৰাৰ লগতে ৰাজ্য চৰকাৰখনক এক অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন কৰাইছে৷ তদুপৰি বিগত সময়ছোৱাত বহিঃৰাজ্যৰ প্রতিষ্ঠানৰ দ্বাৰা অনুষ্ঠিত কৰা বিভিন্ন নিযুক্তিৰ পৰীক্ষাত ব্যাপক খেলিমেলি তথা দুর্নীতি–নিয়মৰ অভিযোগ ব্যাপক ৰূপত উত্থাপন হৈছে৷ ইয়াৰ পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰে এতিয়াৰে পৰা বাহিৰৰ প্রতিষ্ঠানক নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব নিদিয়াৰ গুৰুত্বপূর্ণ সিদ্ধান্ত পদক্ষেপ ল’ব বিচাৰিছে৷

মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ইতিমধ্যে ৰাজ্যৰ ৫খন বিশ্ববিদ্যালয়ৰ উপাচার্যসকলৰ সৈতে এখন বৈঠকত মিলিত হয়৷ বিভিন্ন বিভাগৰ নিযুক্তিৰ বাবে বাছনি পৰীক্ষা তথা সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ সম্পর্কতে মুখ্যমন্ত্রী সোণোৱালে সেই বৈঠকত মিলিত হয়৷ এই সম্পর্কত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, অসম আৰক্ষীৰ উপ–পৰিদর্শকৰ বাছনি পৰীক্ষা চৰকাৰে যিকোনো এখন বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত অনুষ্ঠিত কৰাৰ বিষয়ে চিন্তা–চর্চা কৰিছে৷ এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ সকলো নিযুক্তি সম্পর্কীয় পৰীক্ষা বিশ্ববিদ্যালয়সমূহ অধীনতে অনুষ্ঠিত কৰিব৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে বিগত সময়ছোৱাত ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত নিযুক্তি সম্পর্কীয় বাছনি পৰীক্ষাৰ দায়িত্ব বহিঃৰাজ্যৰ প্রতিষ্ঠানক দি আহিছে৷ আনকি দিল্লী, উত্তৰ প্রদেশ আদি চৰকাৰে ব্লেকলিষ্টেড কৰা একাংশ বদনামী প্রতিষ্ঠানে অসমত নিযুক্তিৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰে৷ তদুপৰি তেনে প্রতিষ্ঠানে নিজে পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিৱর্তে উপ–ঠিকাও প্রদান কৰি অহাৰ অভিযোগ উত্থাপন হয়৷ এনেবোৰ কাৰণতে প্রশ্নকাকত ফাদিলৰ দৰে বিভিন্ন কেলেংকাৰি সংঘটিত হোৱাৰ অৱকাশ থকাৰ পৰিপ্রেক্ষিততে ৰাজ্য চৰকাৰে এতিয়াৰে পৰা স্থানীয় বিশ্ববিদ্যালয়ৰ অধীনতে নিযুক্তি সম্পর্কীয় সকলো পৰীক্ষা অনুষ্ঠিত কৰাৰ চিন্তা–চর্চা কৰিছে৷

You might also like