চাপৰৰ ধীৰ বিলত শীতৰ আলহী পক্ষীৰ কলৰৱ
নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ আন্তর্জাতিক চিৰ আর্দ্রভূমি প্রাকৃতিক মনোমোহা সৌন্দর্যৰে পৰিেবষ্টিত ধীৰ বিল সম্প্রতি শীতৰ আলহী বিভিন্ন প্রজাতিৰ পৰিভ্রমী চৰাইৰে ভৰ্বিলৈ আৰম্ভ কৰিছে৷ প্রায় সাত হাজাৰ বিঘা মাটি কালিৰে ধীৰ বিল হৈছে ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্রৰ এখন সুবিশাল মৎস্যক্ষেত্র৷ শীতৰ আগমন হোৱাৰ পিছৰে পৰাই এই সুবিশাল জলাশয়টোলৈ বিভিন্ন দেশৰ পৰা হাজাৰ হাজাৰ পৰিভ্রমী চৰাই আহি থাক্বিলৈ লয় আৰু এই চৰাইেবাৰে মার্চ মাহৰ পৰা ক্রমে আন ঠাইলৈ গুচি যায়৷ মূলতঃ বিলখনৰ প্রাকৃতিক অৱস্থান পৰিভ্রমী চৰাইবোৰৰ বাবে অনুকূল হোৱা বাবেই ইয়ালৈ অধিকসংখ্যক পৰিভ্রমী চৰাইৰ সমাগম ঘটা লি প্রকৃতিপ্রেমী লোকসকলে উল্লেখ কৰিছে৷ ধীৰ বিলৰ উত্তৰ দিশে পৰিেবষ্টিত হৈ আছে পৃথিৱীবিখ্যাত সোণালী বান্দৰৰ বিচৰণভূমি চক্রশীলা ন্যপ্রাণী অভয়াৰণ্য আৰু পূব দিশৰ নাতিদূৰতে হলপুৰ নাঞ্চলৰ অন্তর্গত আৰেয়াৰঝাৰ সংৰক্ষিত নাঞ্চল৷ সেয়েহে ধীৰ বিললৈ অহা হাজাৰ হাজাৰ পৰিভ্রমী চৰায়ে এইবলি লহিয়াবলৈ লোৱাৰ লগে লগে চক্রশীলা অভয়াৰণ্য আৰু আৰেয়াৰঝাৰ সংৰক্ষিত নাঞ্চলত আশ্রয় লোৱাৰ বাবে সুবিধা পায়৷ তদুপৰি কিছু আঁতৰত থকা সর্পমাৰী আৰু শ্রীগ্রাম পাহাৰতো এই পৰিভ্রমী চৰাইেবাৰে মুক্তভাৱে আশ্রয় লোৱাৰ সুযোগ পায়৷ ধীৰ বিলৰ মধ্য ভাগতো এটা বাম অংশ থকাৰ বাবে তাতো চৰাইেবাৰে নিশাৰ ভাগত আশ্রয় লোৱা দেখা যায়৷ মুঠতে দিনে–নিশাই মুক্তভাৱে এই ধীৰ বিলত পৰিভ্রমী চৰাইেবাৰে বিচৰণ কৰাৰ অপর্যাপ্ত সুবিধা লাভ কৰে৷ এই চৰাইবোৰৰে কিছুমানে আকৌ শীতকালত ধীৰ বিলতে বিচৰণ কৰি থকাৰ সময়তে কণী পাৰি পোৱালি জগাই সিহঁতক ডাঙৰ–দীঘল কৰি জহ পৰাৰ পূর্বেই বিলখনৰ পৰা মেলানি মাগে৷
পৰিভ্রমী চৰাইেবাৰ মূলতঃ চীন, চাইবেৰিয়া, জাপান, অষ্ট্রেলিয়া আদিৰ৷ অঞ্চলটোৰ প্রকৃতিপ্রেমী সংগঠনবোৰে বিলখনত হুতো ধৰণৰ দেশী–বিদেশী পৰিভ্রমী চৰাই অহাটো নিশ্চিত কৰে৷ কিন্তু কিছুসংখ্যক চৰাই গোটেই ছৰজুৰি ধীৰ বিলত কম–বেছি পৰিমাণে বিচৰণ কৰি থকা দেখা যায়৷ চিনাক্ত চৰাইৰ ভিতৰত শৰালি হাঁহ, গলী, মাছৰোকা, পিনটেল, –কিংফিছাৰ, ৱাকটেল ইত্যাদি৷ এই দেশী–বিদেশী পৰিভ্রমী চৰাইেবাৰে ধীৰ বিলৰ সমগ্র শীতকাল কাকলিৰে মুখৰিত কৰি ৰাখে ইয়ালৈ অগণন প্রকৃতিপ্রেমীৰ আগমন ঘটে৷ প্রকৃতিৰ কুত নিৰলে ধীৰ–স্থিৰভাৱে অৱস্থান কৰি প্রকৃতিপ্রেমীক অনাবিল সৌন্দর্য উপভোগ কৰ্বিলৈ সুযোগ দিছে৷ কিন্তু সম্প্রতি এচাম দুষ্কৃতিকাৰীয়ে ধীৰ বিলৰ এই নৈসর্গিক পৰিৱেশ প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ একাংশ লোকে বৰশী বাই, জাল পেলাই, বিহ প্রয়োগ কৰি দিনে–নিশাই পৰিভ্রমী চৰাই হত্যা কৰি ওচৰ–চুবুৰীয়াৰ লগতে গাঁৱৰ জাৰ আদিতো বাধে বিক্রী কৰ্বিলৈ লৈছে৷ কিছুমানে মঙহৰ লোভ সামৰ্বি নোৱাৰি আন লোকক পক্ষী নিধন কার্যত প্র্বৃত্ত কৰাইছে৷ ঠিক তেনেকৈ দুপইচা ঘটাৰ আশাত আন কিছুমানে জধে–মধে নিৰীহ চৰাইবোৰ মাৰিবলৈ কুণ্ঠাবোধ কৰা নাই৷ পক্ষী নিধন প্রক্রিয়াবাধাহীনভাৱে চলি থাকিলে এসময়ত এই দুষ্প্রাপ্য চৰাইৰ সংখ্যা দ্রুতগতিত হ্রাস পাব৷ ধীৰ বিলৰ দৰেই এই শীতৰ আগমনৰ লগে লগে শালকোচা অঞ্চলৰ দিপলাই, ডাকৰা, হলপুৰ অঞ্চলৰ ৰপীত, ৰদ’ল, চৌতাৰা, চেঁচাপানী, হাসডোবা, বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ তামৰঙা, কনৰা আদি বিললৈও অলেখ পৰিভ্রমী চৰাইৰ আগমন হয় আৰু একে ধৰণে এচামে পক্ষী নিধন কার্য চলায়েই গৈ আছে৷ এইক্ষেত্রত চৰকাৰী ন্যপ্রাণী বিভাগ আৰু প্রকৃতিপ্রেমী সংগঠনসমূহে বিল, জলাশয়, হাবি–বননি আদিৰ আশে–পাশে থকা গঞাৰ মাজত এই সম্পর্কীয় সজাগতা সভা, শিবিৰ আদিৰে ৰাইজক সজাগ কৰি তোলাৰ সময় সমাগত হৈছে৷ কেৱল কাকতে–পত্রই আৰু ইলেক্ট্র্রনিক প্রচাৰ মাধ্যমৰ মাজতে প্রকৃতিৰ সজাগতা সম্পর্কীয় অভিযান অব্যাহত থাকিলে বাট–পথ নথকা, বিজুলীবাতিৰ পোহৰ নোপোৱা তথা াতৰিকাকত আৰু ইলেক্ট্রনিক প্রচাৰ মাধ্যমে ঢুকি নোপোৱা গ্রামাঞ্চলৰ লোকে প্রকৃতি আৰু ণ্যপ্রাণীৰ সংৰক্ষণৰ কোনো গুৰত্বই উপলব্ধি কৰ্বি নোৱাৰিব৷