নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৭ বছৰে সৰু কইনা ? ‘ন-দম্পতী’ৰ ফটোৱে লগালে হাহাকাৰ…

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ দুয়োগৰাকী পেছাত বলীউডৰ সংগীত জগতৰে জড়িত। এগৰাকী অনুপ জলোতা আৰু আনগৰাকী জছলিন মথাৰু। বিনোদন জগতত চৰ্চিত ব্যক্তিত্ব।

জছলিন মথাৰুৱে কালি ইনষ্টাগ্ৰামত পোষ্ট কৰে দুয়োগৰাকী দৰা-কইনাৰ সাজত থকা এখন ফটো। দম্পতীসুলভ ফটো দেখি লগে লগে হাহাকাৰ লাগে সংগীত অনুৰাগীৰ মাজত। ইনষ্টাগ্ৰাম ভৰি পৰে অলেখ কৌতূহলী প্ৰশ্নৰে। ঘটনাটো আচলতে কি জানিবলৈ সকলোৰে প্ৰশ্ন উঠাটোও স্বাভাৱিক।

কিয়নো বয়সৰ জোখাৰে দৰা-কইনাৰ ৰূপত অনুৰাগীয়ে দুয়োকে কল্পনা কৰা টান। ক’ব গ’লে কল্পনাতীত। অনুৰাগীৰ অলেখ প্ৰশ্ন-চৰ্চাৰ ভিৰত কোনো কেপচন নিদিয়াকৈ পোষ্ট কৰা ফটোখনৰ উহ ওলাই কিছু সময় পিছতে।

আচলতে সেয়া আছিল অনুপ জলোতা আৰু জছলিন মথাৰুৱে ছলমান খান সঞ্চালিত ‘বিগ বছ ১২’ৰ বাবে দিয়া পোজ। এয়া ছবিগৃহলৈ শীঘ্ৰে আহিবলগীয়া ছবি ‘য়ে মেৰী ষ্টুডেণ্ট হ্যেয়’ৰো এটা পোজ বুলি জানিব পৰা গৈছে।

ছবিখনত শিক্ষক-ছাত্ৰীৰ ৰূপত দেখা যাব দুয়োগৰাকীকে। কেপচন নিদিয়াকৈ পোষ্ট কৰা ছবি ভাইৰেল হোৱাৰ পিছত দুয়োগৰাকীয়ে অনুৰাগীক অৱগত কৰে যে এয়া আচলতে শিক্ষক-ছাত্ৰীৰ সম্পৰ্কহে। এই কথা জ্ঞাত হোৱাৰ পিছতেহে অনুৰাগীৰ উতকণ্ঠা শাম কাটে।

You might also like