বিশ্বৰ ভিতৰতেই সুখী ভাৰতীয় মুছলমানসকলঃ RSS প্ৰধান মোহন ভাগৱত
নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰঃ ভাৰতীয় মুছলমানসকল পৃথিৱীৰ ভিতৰতেই সুখী এই মন্তব্য RSS প্ৰধান মোহন ভাগৱত। যেতিয়াই দেশৰ বাবে কোনো সংকট আহিছে তেতিয়াই সকলো ধৰ্মৰ লোকে দেশৰ বাবে যুঁজ দিছে।
তেওঁ লগতে কয় যে ভাৰতীয় মুছলমানে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। মেৱাৰৰ ৰজা মহাৰানা প্ৰতাপৰ সৈন্য বাহিনীত বহু সংখ্যক মুছলমান সৈন্য আছিল। ভাৰতীয় সংস্কৃতিৰ লৈ কোনো ক্ষেত্ৰত প্ৰশ্নৰ উদ্ৰেক হ’লেও হিন্দু-মুছলমান সকলোবোৰ একলগ হৈছিল।
এখন হিন্দী আলোচনীৰ বাবে গ্ৰহণ কৰা এক সাক্ষাতকাৰত এই মন্তব্য কৰে RSS প্ৰধানগৰাকীয়ে।
ভাৰতৰ বাহিৰে পাকিস্তানটো অন্য ধৰ্মৰ লোকক এনে অধিকাৰ দিয়া নহয়।
আমাৰ সংবিধানে কেৱল হিন্দু ধৰ্মৰ লোক ইয়াত থাকিব পাৰিব, আন ধৰ্মৰ লোক থাকিবলৈ হ’লে হিন্দুৰ শ্ৰেষ্ঠতা স্বীকাৰ কৰিব লাগিব, ধৰ্ম নিৰপেক্ষভাৱে সকলো লোক ভাৰতত থাকিব পাৰে এয়াই আমাৰ দেশৰ বৈশিষ্ট্য়। আমি সকলোকে স্থান দিছো। আৰু যিসকল প্ৰকৃত হিন্দু সেইসকলৰ দেহত এই গুণ আছে বুলিও মন্তব্য কৰে মোহন ভাগৱতে।
হিন্দুসকলৰ কাৰো লগত একো সম্পৰ্ক নাই, এডাল সূতাৰে সকলোবোৰ বান্ধ খাই আছে। যেতিয়াই দেশৰ সংস্কৃতিৰ প্ৰতি আমাৰ ভক্তিভাৱ জাগ্ৰত হয় তেতিয়াই ধৰ্মৰ মাজত থকা সকলো ভেদাভেদ আঁতৰি যায়। আমি আমাৰ পূৰ্বজসকলক লৈ গৌৰৱ অনুভৱ কৰো।
ৰাম-মন্দিৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ধৰ্মীয় কাম-কাজৰ বাবে মন্দিৰ নিৰ্মাণ কৰা হোৱা নাই, ই আমাৰ ৰাষ্ট্ৰৰ প্ৰতীক।
বাস্তৱতে এই দেশবাসীৰ নীতি-আদৰ্শ নষ্ট কৰাৰ বাবে মন্দিৰসমূহ ধ্বংস কৰা হৈছিল। সেয়ে হিন্দু সমাজখনে দীৰ্ঘদিনৰে পৰা মন্দিৰসমূহ পুনৰ্নিমাণ কৰিব বিচাৰিছিল। আমাৰ জীৱন ক্ষতিগ্ৰস্ত হৈছিল, আমাৰ আদৰ্শ শ্ৰী ৰামৰ মন্দিৰধ্বংস কৰি লজ্জানত হৈছিলো। আমি ইয়াক পুনৰ নিৰ্মাণ কৰিব বিচাৰো সেয়েহে মন্দিৰটো নিৰ্মাণ কৰা হৈছে বুলিও মন্তব্য কৰে RSS প্ৰধানগৰাকীয়ে।