নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ ২০১৮ চনত মহাৰাষ্ট্রৰ ভীমা ক’ৰেগাঁৱৰ সংঘর্ষৰ গোচৰত ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ই আদালতত শুকুৰবাৰে চার্জশ্বীট দাখিল কৰিছে৷ চার্জশ্বীটত ৮গৰাকী লোকক অভিযুক্ত কৰিছে নিয়াই৷ এই ৮গৰাকী লোকৰ ভিতৰত আছে বিশিষ্ট সমাজকর্মী আনন্দ তেলটুম্বদে, গৌতম নাভালখা আৰু দিল্লী বিশ্ববিদ্যালয় (ডিইউ)ৰ সহযোগী অধ্যাপক হানি বাবুও৷ ইয়াৰ উপৰি অধিকাৰকর্মী সাগৰ গোর্খে, ৰমেশ গাইচৰ, জ্যোতি জাগটাপ, ষ্টান স্বামী আৰু মাওবাদী নেতা মিলিন্দ তেলটুম্বদেৰ বিৰুদ্ধেও অভিযোগ আনিছে কেন্দ্রীয় তদন্তকাৰী সংস্থাটোৱে৷ উল্লেখনীয় যে ২০১৭ৰ ৩১ ডিচেম্বৰত পুনেত অনুষ্ঠিত এক কার্যসূচীৰ সৈতে এই ভীমা ক’ৰেগাঁৱৰ সংঘর্ষৰ সম্পর্ক থকা বুলি নিশ্চিত কৰিছে নিয়াই৷
Prev Post
You might also like