নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াক সম্বর্ধনা

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ ভাৰতীয় জনতা পার্টীৰ ৰাষ্ট্রীয় সমিতিৰ সাধাৰণ সম্পাদক পদত নিযুক্তি লাভ কৰা সাংসদ দিলীপ শইকীয়াক আজি বিজেপি গুৱাহাটী মহানগৰ জিলা সমিতিৰ তৰফৰ পৰা বিশেষভাৱে সম্বর্ধনা জ্ঞাপন কৰা হয়৷ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি তথা প্রাক্তন মেয়ৰ মৃগেন শৰণীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত এখন জনজাতি গামোচা, শৰাই, মানপত্র, ফুলৰ মালাৰ লগতে অন্যান্য সামগ্রীৰে ৰাষ্ট্রীয় নেতাগৰাকীক সম্বর্ধনা জনায়৷ ইয়াৰ উপৰি মহানগৰ জিলাৰ অন্তর্গত মর্চা, কোষ আৰু ১২টা মণ্ডলৰ বিষয়ববীয়াসকলে সাংসদ দিলীপ শইকীয়াক সম্বর্ধনা জ্ঞাপন কৰে৷ সম্বর্ধনা অনুষ্ঠানত বিধায়ক অতুল বৰা, অসম বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় গুপ্তা, জি এম ডি এৰ উপাধ্যক্ষ মুকুতা ডেকা, এমড্রনৰ উপাধ্যক্ষ ঋতুবৰণ শর্মা, এছ চি মর্চাৰ ৰাজ্যিক সভাপতি নৱৰুন মেধি উপস্থিত থাকে৷ সভাৰ আৰম্ভণিত জিলা সভাপতি মৃগেন শৰণীয়াই আদৰণী ভাষণ আগবঢ়ায়৷ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই সম্বর্ধনা গ্রহণ কৰি কয়– কার্যকর্তাৰ মূল্যায়ন কৰা দলটোৱে হ’ল ভাৰতীয় জনতা পার্টী৷ দলৰ প্রতিগৰাকী কার্যকর্তাই বিভিন্ন সময়ত ঘাত–প্রতিঘাতৰ লগতে অশেষ ত্যাগ কৰিব লগা হৈছিল৷ সেইবাবেই হয়তো অটল বিহাৰী বাজপেয়ীৰ মনৰ বিশ্বাস আজি বাস্তৱত প্রতিফলিত হৈছে বুলি শইকীয়াই উল্লেখ কৰে৷ তেওঁ লগতে কয় যে ১৯৫১ চনৰ পৰা আৰম্ভ হোৱা যাত্রাৰ পৰিক্রমা আজিলৈকে উভতি চাবলগীয়া হোৱা নাই৷ কার্যকর্তাসকলৰ অশেষ ত্যাগৰ ফলত আজি ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে সাধাৰণ সম্পাদক অমৰজ্যোতি ডেকাই আঁত ধৰা সভাত মহানগৰ জিলাৰ বিষয়ববীয়া, মর্চা, মণ্ডলৰ পাঁচ শতাধিক সদস্য উপস্থিত থাকে৷

You might also like