ছয়গাঁৱত নিৰ্মাণ শ্ৰমিকৰ বিক্ষোভ, শ্ৰম পৰিদৰ্শক কাৰ্যালয়লৈ বিশাল সমদল
নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ দক্ষিণ কামৰূপ জিলা সমিতিয়ে আজি দিনৰ প্ৰায় ১১.৩০ বজাত পশ্চিম ছয়গাঁৱৰ পৰা ছয়গাঁৱৰ শ্ৰম পৰিদৰ্শক কাৰ্যালয়লৈ নিৰ্মাণ শ্ৰমিকৰ পঞ্জীয়নৰ ক্ষেত্ৰত হোৱা অনিয়ম বন্ধ কৰা আৰু ছয়গাঁও শ্ৰম পৰিদৰ্শক বিষয়াৰ শ্ৰমিকবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে এক বিশাল প্ৰতিবাদী সমদল উলিয়ায়।
আন্দোলনকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথেৰে সমদল কৰি আহি ছয়গাঁৱৰ শ্ৰম পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয় । উক্ত স্থানত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে । ইয়াৰ পিছত চি আই টি ইউৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি মজিদুৰ ৰহমান আৰু সম্পাদক অনিল দাসে স্বাক্ষৰ কৰা এখন স্মাৰক পত্ৰ শ্ৰম পৰিদৰ্শকগৰাকীৰ হাতত অৰ্পণ কৰে।
স্মাৰক-পত্ৰখনত উল্লেখিত দাবীসমূহ হ’ল ১/ আবেদনকাৰীৰ মূল নথিপত্ৰ পৰীক্ষা কৰি সোঁ-শৰীৰে সাক্ষাৎ গ্ৰহণ কৰিহে পঞ্জীয়ন নিশ্চিত কৰা। ২/ সাক্ষাৎকাৰ অবিহনে পঞ্জীয়ন কৰাসকলৰ পুনৰ সাক্ষাৎকাৰ গ্ৰহণ কৰি ভুৱা আবেদনকাৰীৰ পঞ্জীয়ন বাতিল কৰা। ৩/ নিৰ্মাণ শ্ৰমিক কল্যাণ আইনৰ অধীনত অনা নিৰ্মাণ শ্ৰমিকৰ পঞ্জীয়ন বন্ধ কৰা। ৪/ শ্ৰমিক আৰু শ্ৰমিকৰ প্ৰতিনিধিৰ প্ৰতি চলাই থকা সকলো প্ৰকাৰৰ দুৰ্ব্যৱহাৰ পৰিত্যাগ কৰাৰ লগতে দুৰ্ব্যৱহাৰ আৰু সাম্প্ৰদায়িক মন্তব্যৰ বাবে শ্ৰম পৰিদৰ্শকে ৰাজহুৱাকৈ ক্ষমা খোজা । ৫/ আসোঁৱাহযুক্ত নথিৰে পঞ্জীয়ন কৰা ৬৬৯৫ নম্বৰৰ আবেদনৰ ফাইল আজিয়েই ৰাজহুৱা কৰা।