নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষমতা দখলৰ ৰাজনীতি

২০১৬ৰ বিধানসভা নির্বাচনত অভূতপূর্ব সফলতাৰে দিছপুৰৰ ক্ষমতাত অধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰখনক ক্ষমতাচ্যুত কৰাটো যে সম্ভৱ নহয় সেয়া বিৰোধী কংগ্রেছৰ শীর্ষ নেতাসকলে ভালদৰে বুজিছে৷ বিজেপি নেতৃত্বাধীন মর্চা চৰকাৰখনক পৰাভূত কৰাৰ জোখাৰে কংগ্রেছে শক্তি আহৰণ কৰিব পৰা নাই৷ ২০১১ৰ বিধানসভা নির্বাচনত কংগ্রেছে অসম বিধানসভাৰ ১২৬খন আসনৰ ভিতৰত ৭৮খন আসনত জয়লাভ কৰি তৃতীয়বাৰৰ বাবে দিছপুৰৰ ক্ষমতা হস্তগত কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু ধাৰাবাহিক তিনিটা কার্যকালৰ শেষত ২০১৬ৰ বিধানসভা নির্বাচনত কংগ্রেছে ২৬খন আসনতহে জয়লাভ কৰিছিল৷ অর্থাৎ অসমবাসীৰ পৰিৱর্তিত জনাদেশৰ বাবে কংগ্রেছে হেৰুৱাবলগীয়া হৈছিল ৫২খন৷ একেৰাহে ১৫ বছৰে ক্ষমতাত থকা কংগ্রেছ নেতৃত্বাধীন চৰকাৰখনৰ বিপৰীতে অসমবাসীয়ে জনাদেশ দিয়াৰ মূলতেই আছিল কংগ্রেছৰ ৰথী–মহাৰথীসকলৰ্ সীমাহীন দুর্নীতি–নিয়ম৷ ইয়াৰ বিপৰীতে ২০১১ৰ বিধানসভা নির্বাচনত বিজেপিৰ আসনৰ সংখ্যা ৫খনহে আছিল৷ কিন্তু পৰিৱর্তনৰ সপক্ষে অসমবাসীয়ে জনাদেশ দিয়াৰ ফলত ২০১৬ৰ বিধানসভা নির্বাচনত বিজেপিৰ আসনৰ সংখ্যা ৬০খনলৈ বৃদ্ধি হৈছিল৷ বিজেপিৰ সহযোগী অসম গণ পৰিষদে ১৪খন আৰু বিপিএফে ১২খন আসন লাভ কৰি বিজেপি নেতৃত্বাধীন মর্চাক শক্তিশালী ৰূপত প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল৷ যোৱা বিধানসভা নির্বাচনত বিজেপি, অগপ আৰু বিপিএফে সন্মিলিতভাৱে লাভ কৰা ভোটৰ হাৰ আছিল ৪১.৯ শতাংশ৷ ইয়াৰ বিপৰীতে কংগ্রেছে লাভ কৰা ভোটৰ হাৰ আছিল ৩১ শতাংশ৷ তিনিটাকৈ কার্যকালৰ চৰকাৰখনৰ বিপৰীতে অসমবাসীয়ে কিয় জনাদেশ দিছিল সেয়া বিগত পাঁচ বছৰে কংগ্রেছৰ নেতাসকলে আত্মবিশ্লেষণ কৰি জনগণৰ ওচৰলৈ যাব পৰা নাই৷ অসমবাসীৰ আস্থা আৰু বিশ্বাস ঘূৰাই পোৱাৰ আশাপ্রদ সঁহাৰি লাভ নকৰাৰ বাবেই কংগ্রেছে শেহতীয়াকৈ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ স’তে নির্বাচনী মিত্রতা কৰাৰ সিদ্ধান্ত লৈছে৷ এআইইউডিএফৰ স’তে নির্বাচনী মিত্রতাক কেন্দ্র কৰি কংগ্রেছৰ একাংশ নেতা–কর্মী ক্ষুব্ধ হৈছে৷ ক্ষুব্ধ কংগ্রেছ নেতা–কর্মীসকলে স্পষ্টভাৱে ব্যক্ত কৰিছে যে এআইইউডিএফৰ সৈতে মিত্রতাৰ ফলত কংগ্রেছৰ ধর্মনিৰপেক্ষ চৰিত্রত আঘাত হানিব৷ অসমত সাফল্য লাভৰ ৫ বছৰো সম্পূর্ণ নোহোৱা বিজেপিক পৰাভূত কৰাৰ বাবে কংগ্রেছৰ এনে মিত্রতাৰ পৰিণাম কি হ’ব পাৰে সেয়া সময়ে ক’ব৷ কিন্তু ক্ষমতা দখলৰ এনে ৰাজনীতিৰ ফলত ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ আস্থা আৰু বিশ্বাস লাভ কৰিবলৈ কংগ্রেছে আগন্তুক দিনবোৰত এক অগ্ণিপৰীক্ষাৰ সন্মুখীন হ’ব লাগিব৷
এই কথা ঠিক যে ৰাজ্যখনৰ জনসাধাৰণৰ সিংহভাগ লোকৰ কোনো ৰাজনৈতিক দলৰ স’তে প্রত্যক্ষভাৱে জড়িত নহয়৷ সেয়ে যিমানেই শক্তিশালী দল অথবা নেতা নহওক কিয় দলীয় নেতা–কর্মীৰ ভোটেৰে কোনেও নির্বাচনত জিকিব নোৱাৰে৷ নির্বাচন জিকিবলৈ হ’লে ৰাজনৈতিক দলৰ পৰা দূৰত থকা সর্বসাধাৰণ ৰাইজৰ সমর্থন লাগিবই৷ সাধাৰণ ৰাইজে সাধাৰণতে উন্নয়ন আৰু বিকাশশীল চৰকাৰ বিচাৰে৷ নির্বাচন অহাৰ লগে লগে ৰাইজৰ মন জয় কৰিবলৈ সেয়ে শাসক–বিৰোধী দলে বিভিন্ন প্রতিশ্রুতি দিয়াটো নতুন কথা নহয়৷ মাথোঁ প্রতিশ্রুতিৰ ওপৰতে এখন চৰকাৰ বর্তি নাথাকে৷ একেদৰে প্রতিশ্রুতিৰ ফুলজাৰি মাৰিলেই কোনো এটা ৰাজনৈতিক দলক অসমবাসীয়ে ক্ষমতা অর্পণ নকৰে৷ বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক–বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত বিশেষ তৎপৰতা পৰিলক্ষিত হৈছে৷ নতুন নতুন দল গঠনো চলি আছে৷ সকলোৰে লক্ষ্য যিকোনো প্রকাৰে দিছপুৰৰ ক্ষমতা দখল কৰা৷ বিগত ছমাহ ধৰি ক’ভিড–১৯ৰ বিভীষিকাই অসমকো বাৰুকৈ ক্ষতি কৰিছে, সর্বসাধাৰণ ৰাইজৰ জীৱন–জীৱিকাৰ পথত হেঙাৰৰূপে দেখা দিছে৷ এনে পৰিস্থিতিত ক্ষমতা দখলৰ যি ৰাজনীতি আৰম্ভ হৈছে সেয়া অসমবাসীয়ে কেতিয়াও চকু মুদি সমর্থন দিব বুলি আশা কৰাটো উচিত নহয়৷ নির্বাচনৰ সময়ত শাসকীয় দলে দিয়া প্রতিশ্রুতিবোৰ অসমৰ সাধাৰণ ৰাইজে পাহৰি যোৱা নাই৷ এই প্রতিশ্রুতিবোৰৰ কিমান ৰূপায়ণ হৈছে তাৰ খতিয়ান অসমবাসীয়ে নির্বাচনত দিব৷ একেদৰে ৫বছৰ পূর্বে যিবোৰ অভিযোগৰ বাবে অসমবাসীয়ে কংগ্রেছক ক্ষমতাচ্যুত কৰিছিল সেই অভিযোগসমূহ অসমবাসীয়ে পাহৰা নাই৷ নির্বাচন অথবা ক্ষমতা দখল অংকৰ খেল হ’লেও খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ আৱেগ অনুভূতিত আঘাত হানি কোনো ৰাজনৈতিক দলে অসমত জনপ্রিয় চৰকাৰ গঠন কৰিব নোৱাৰে৷

You might also like