নেপালী কংগ্রেছৰ প্রতিনিধিলৈ চীনৰ কন্দুৱা গেছ
নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ ভাৰতৰ পাছত নেপাল সীমান্তত আগ্রাসন আৰম্ভ কৰা চীনা নিৰাপত্তা বাহিনীয়ে হুমলাত নেপালী কংগ্রেছৰ এটা প্রতিনিধি দলৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰা ঘটনাক লৈ উত্তপ্ত হৈছে হিমালয়ান ৰাষ্ট্র৷ হুমলাত সীমান্ত অতিক্রম কৰি চীনে নেপালৰ অঞ্চল দখল কৰা বুলি প্রতিবেদন প্রকাশ পোৱাৰ পিছত দেশখনৰ ৰাজনৈতিক দলটোৰ প্রতিনিধি দল এটাই অঞ্চলটো পৰিদর্শন কৰিবলৈ গৈছিল৷ তেতিয়াই চীনা নিৰাপত্তা বাহিনীয়ে প্রতিনিধি দলটোৰ ওপৰত প্রয়োগ কৰে কন্দুৱা গেছ৷ নেপালী কংগ্রেছৰ এই প্রতিনিধি দলটোক নেতৃত্ব দিছিল জ্যেষ্ঠ নেতা জীৱন বাহাদুৰ শ্বাহিয়ে৷
লক্ষণীয়ভাৱে নেপাল সীমান্ত অতিক্রম কৰি চীনে কেইবাটাও প্রাসাদ নির্মাণ কৰা বুলি ইতিমধ্যে সংবাদ মাধ্যমত প্রকাশ পাইছে৷ ইয়াৰ পিছতে চীনবিৰোধী বিক্ষোভত উত্তাল হৈছে ৰাজধানী কাঠমাণ্ডু৷