নিয়মীয়া বাৰ্তা ১৪ অক্টোবৰঃ নগা শান্তি চুক্তিৰ ক্ষেত্রত বাধাৰ কাৰণ হৈ পৰা এনএছচিএন (আইএম) আৰু সাতটা বিদ্রোহী সংগঠনৰ উমৈহতীয়া মঞ্চ এনএনপিজিৰ মাজত সৃষ্টি হোৱা মতপার্থক্য আৰু বৈষম্য দূৰ কৰাৰ বাবে বিশেষ উদ্যোগ গ্রহণ কৰিবলৈ আগবাঢ়ি আহিছে ‘নেডা’ৰ আহ্বায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে শেহতীয়াকৈ ড০ শর্মাৰ ওপৰত এই দায়িত্ব অর্পণ কৰাৰ পিছতে সক্রিয় হৈ পৰিছে ‘নেডা’ৰ আহ্বায়কগৰাকী৷ সেই অনুসৰি অহা ১৫ অক্টোবৰত ক’হিমাত আহ্বান কৰা হৈছে এক সর্বদলীয় বৈঠক৷ সংঘাত তথা বৈষম্য দূৰ কৰাৰ বাবে অনুষ্ঠিত এই বৈঠকৰ নেতৃত্ব দিব লগা ড০ শর্মাক সংগ দিব নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফি’ ৰি’ই৷ উল্লেখ্য যে নগা শান্তি চুক্তিক আগুৱাই নিয়াৰ ক্ষেত্রত শেহতীয়াকৈ ৰাজ্যখনৰ ৰাজ্যপাল আৰ এন ৰবিয়ে বিশেষ উদ্যোগ গ্রহণ কৰিছে যদিও ৰাজ্যপালগৰাকীৰ ভূমিকাক লৈ অসন্তুষ্ট এনএছচিএন আৰু এনএনপিজি৷ ফলত দীর্ঘ সময় অতিক্রম কৰাৰ পিছতো নগা চুক্তি কার্যকৰীকৰণৰ ক্ষেত্রত বিশেষ আগুৱাব পৰা নাই কেন্দ্রীয় চৰকাৰ৷ আনকি নগা চুক্তিৰ লগত জড়িত হৈ পৰা পাহাৰীয়া ৰাজ্যখনৰ বিভিন্ন সংগঠনে চুক্তিৰ মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰি অহা ৰাজ্যপাল আৰ এন ৰবিৰ কার্যকলাপক লৈ সন্তুষ্ট নহয়৷ এনে অৱস্থাত সমগ্র বিষয়টো ৰাজনৈতিক দৃষ্টিকোণৰ পৰা আগুৱাই নিয়াৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দায়িত্ব অর্পণ কৰিছে ড০ হিমন্ত বিশ্ব শর্মাক৷ ড০ শর্মাক নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফি’ ৰি’ৰ সৈতে একেলগে এই দিশত কাম কৰাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রীয়ে দায়িত্ব অর্পণ কৰিছে৷ এইক্ষেত্রত দায়িত্ব লাভৰ পিছতে সক্রিয় হৈ পৰা ড০ হিমন্ত বিশ্ব শর্মাই ১৫ অক্টোবৰৰ বৈঠকত ৰাজ্যখনৰ দল–সংগঠনক সহমতত অনাৰ প্রচেষ্টা চলাব৷ ইফালে, ১৫ অক্টোবৰৰ বিশেষ বৈঠকখনক লৈ নাগালেণ্ড চৰকাৰে প্রকাশ কৰা এক বিবৃতিত উল্লেখ কৰিছে যে ৰাজ্যখনৰ সকলো নাগৰিক সমাজ, ৰাজনৈতিক দল, স্বেচ্ছাসেৱী সংগঠন আৰু বিশিষ্ট লোকসকলক লৈ চুক্তিখন সন্দর্ভত থকা মতপার্থক্য আৰু ত্রুটিসমূহ আঁতৰোৱাৰ এক প্রচেষ্টা আৰম্ভ হৈছে৷ ৰাজ্য চৰকাৰে চুক্তিখন সন্দর্ভত সকলো ৰাজনৈতিক–ৰাজনৈত্ সংগঠনৰ পৰা মতামত লোৱাৰ উদ্দেশ্যে ১৫ অক্টোবৰৰ বৈঠকখনত আহ্বান জনাইছে৷ মুখ্যমন্ত্রী ৰি’ৰ আহ্বানক্রমে অনুষ্ঠিত হ’ব লগা এই বৈঠকখনত উপস্থিত থাকিব নাগালেণ্ড গাঁওবুঢ়া ফেডাৰেচন, নগা মাদার্ছ এছ’চিয়েচন, নগা ষ্টুডেণ্ট ফেডাৰেচন, ইএনপি’ আদিকে কৰি ৰাজ্যখনৰ কেইবাটাও সংগঠন৷ স্মর্তব্য যে নগা শান্তি চুক্তিক কার্যকৰী ৰূপ দিয়াৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰ বহু দূৰ আগবঢ়াৰ পিছতো এনএছচিএন (আইএম)–এ পৃথক পতাকা আৰু পৃথক সংবিধান অবিহনে ভাৰত চৰকাৰৰ সৈতে চুক্তি কৰিবলৈ সৈমান হোৱা নাই৷ মুখ্যতঃ এই বিষয়টোৰ বিপৰীতে ৰাজ্যখনৰ ৰাজনৈতিক তথা অৰাজনৈতিক সংগঠনসমূহক ১৫ অক্টোবৰৰ বৈঠকত ‘নেডা’ৰ আহ্বায়ক ড০ শর্মা আৰু মুখ্যমন্ত্রী ৰি’ই কিদৰে ঐকমত্যত উপনীত কৰোৱায়, সেয়া যথেষ্ট লক্ষণীয় হ’ব৷