নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলিত বিত্তীয় বর্ষতে প্রাদেশিকীকৰণ হ’ব ২,৫১৫ ভেন্সাৰ শিক্ষকৰ চাকৰি

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ অচিৰেই প্রাদশিকীকৰণ হ’ব ভেন্সাৰ শিক্ষানুষ্ঠান ৷ চলিত বিত্তীয় বর্ষতে ২,৫১৫টা ভেন্সাৰ শিক্ষকৰ চাকৰি প্রাদেশিকীকৰণ হ’ব ৷ ইয়াৰ বাবে পৰিপূৰক দাবী মঞ্জুৰীৰ প্রয়োজনীয় পুঁজিও আবণ্টন দিয়া হৈছে ৷ বুধবাৰে সদনত এই কথা প্রকাশ কৰিছে শিক্ষামন্ত্রী সিদ্ধার্থ ভট্টাচার্যই ৷ সদনত মন্ত্রী ভট্টাচার্যই কয় যে মাধ্যমিক শিক্ষা বিভাগে প্রথম পর্যায়ত ৩০৬খন আৰু দ্বিতীয় পর্যায়ত ৩২০খন বিদ্যালয় প্রাদেশিকীকৰণ কৰিব ৷ জিলা আৰু ৰাজ্যিক ভিত্তিত গঠিত নিৰীক্ষণ কমিটীয়ে ইতিমধ্যে পুনৰীক্ষণ কৰি অনুমোদন জনাইছে ৷ ইতিমধ্যে এই প্রস্তাৱ বিত্ত বিভাগৰ কনফাৰেন্স আৰু পদ সৃষ্টিৰ বাবে প্রেৰণ কৰা হৈছে ৷ সেইদৰে নিম্ন প্রাথমিকত ২,৬৯৫খন আৰু উচ্চ প্রাথমিকৰ ২,২৯৮খন বিদ্যালয়ে প্রাদেশিকীকৰণৰ যোগ্যতা ইতিমধ্যে আহৰণ কৰিছে ৷ তেওঁ আৰু কয় যে নির্ধাৰিত অর্হতা নথকা শিক্ষকসকলক টিউটৰ হিচাপে প্রাদেশিকীকৰণ কৰা হ’ব ৷ পৰৱর্তী ৫ বছৰৰ ভিতৰত যোগ্যতা আহৰণ কৰিব নোৱাৰিলে তেওঁলোকক শিক্ষক পদত অধিষ্ঠিত কৰিব পৰা নাযাব ৷ আনহাতে, ৰাজ্যৰ শিক্ষাখণ্ডত বর্তমান ৪২,১৯৩টা শিক্ষকৰ পদ খালী হৈ থকাৰ কথা উল্লেখ কৰি মন্ত্রী ভট্টাচার্যই কয় যে উচ্চ শিক্ষা বিভাগত মহাবিদ্যালয়ৰ ৮০৫টা, মাধ্যমিক শিক্ষা পর্যায়ত কনিষ্ঠ মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিকত ২১,৫৬২টা, প্রাক্–ছিনিয়ৰ মাদ্রাছা, টাইটেল মাদ্রাছা, আৰবী কলেজত ৮০৭টা, প্রাথমিক শিক্ষা পর্যায়ত মজলীয়া বিদ্যালয়ত ৮,১৪১টা, নিম্ন বিদ্যালয়ত ১০,৮৭৪টা পদ খালী হৈ আছে ৷

You might also like