আই পি এলৰ সময়ত এদিনতে বিখ্যাত হোৱা ধোনিৰ এই ঘৰটো দেখিছেনে?
নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰঃ এম এছ ধোনি এগৰাকী ক্ৰিকেটাৰৰ লগতে প্ৰখ্যাত চেলিব্ৰিটীও। খবু কম ক্ৰিকেটাৰেহে ধোনিসম জনপ্ৰিয়তা লভে। শেহতীয়াকৈ ধোনিৰ এগৰাকী অনুৰাগীৰ কৰ্মকাণ্ডই প্ৰমাণ কৰে তেওঁৰ জনপ্ৰিয়তা কিমান।
এই অনুৰাগীগৰাকী হ’ল তামিলনাডুৰ আৰাংপুৰৰ বাসিন্দা গোপী কিষাণ। গোপী কিষাণে ধোনিক ইমানেই ভাল পাই যে তেওঁ নিজ বাসগৃহটোকে ছেন্নাই ছুপাৰ কিংছৰ ৰং হালধীয়াৰে বৰ্ণময় কৰি তুলিছে আৰু ধোনিৰ কেইটামান প্ৰতিচ্ছবিও তাত অংকন কৰিছে। ঘৰটোৰ নাম দিছে ‘হোম অৱ ধোনি ফ্যেন’।
আই পি এলৰ চেন্নাই ছুপাৰ কিংছৰ খেল থকা দিনটোত ঘৰটোত সৃষ্টি হয় উছৱমুখৰ পৰিৱেশ, আহে ওচৰ-চুবুৰীয়াও। সম্প্ৰতি চেন্নাইৰ প্ৰদৰ্শন উন্নত নহ’লেও এইদৰে আই পি এল উপভোগ কৰিছে ধোনি অনুৰাগী গোপী কিষাণে। অকল গোপী কিষাণেই নহয়, তেওঁৰ পৰিয়ালৰ সমূহ সদস্যই ধোনিৰ অনুৰাগী।
ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ঘৰৰ ছবিয়ে চেন্নাই ছুপাৰ কিংছক অণুপ্ৰাণিত কৰিব বুলি উল্লেখ কৰি টুইটযোগে চেন্নাই ছুপাৰ কিংছে কয় যে গোপী কিষাণ দলটোৰ আৰু ধোনিৰ এগৰাকী সঁচা অনুৰাগী।