নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ অসমৰ স্বাভিমানৰ প্রতীক বিহুনৃত্যৰ প্রেমত পৰিছে ইংলেণ্ড ক্রিকেট দলটোৰ তাৰকা পেচবলাৰ জ’ফ্রা আর্চাৰ৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগত সম্প্রতি জনপ্রিয় হৈ পৰা অসমৰ বিহুনৃত্যত নাচি সকলোৰে দৃষ্টি আকর্ষণ কৰিছে ইংলেণ্ডৰ বলাৰগৰাকীয়ে৷ সংযুক্ত আৰব আমিৰ শ্বাহীত চলি থকা বিশ্বৰ অন্যতম জনপ্রিয় টি–২০ ক্রিকেট প্রতিযোগিতাখনৰ বুধবাৰে দিল্লী কেপিটেলছৰ অ’পেনাৰ পৃথ্বি শ্বক পেভিলিয়নমুখী কৰি বিহুনৃত্য কৰে ৰাজস্থান ৰয়েলছ তাৰকা পেচবলাৰ জ’ফ্রা আর্চাৰে৷ আর্চাৰৰ বিহুনৃত্যত স্বাভাৱিকভাৱেই সহযোগ কৰে অসমৰ ৰিয়ান পৰাগেও৷ ৰিয়ান পৰাগ আৰু জ’ফ্রা আর্চাৰৰ এই বিহুনৃত্যত যোগ্য সহযোগ আগবঢ়ায় আই পি এলৰ নতুন চাঞ্চল্য ৰাহুল টেৱাটিয়াই৷ দিল্লী কেপিটেলছৰ ইনিংছৰ প্রথমটো বলতে আর্চাৰে পৃথ্বি শ্বক পেভিলিয়নৰ পথ দেখুৱায়৷ ইপিনে, ৰিয়ান পৰাগ, জ’ফ্রা আর্চাৰ আৰু ৰাহুল টেৱাটিয়াৰ বিহুনৃত্য দেখি ভাৰতীয় ক্রিকেট দলৰ প্রাক্তন তাৰকা পেচবলাৰ ইৰফান পাঠানেও আপ্লুত হৈ এটা টুইট কৰে৷ সম্প্রতি আই পি এলত অধিক জনপ্রিয় হৈ পৰিছে অসমৰ বিহুনৃত্য৷ ছানৰাইজার্ছ হায়দৰাবাদৰ বিৰুদ্ধে ১১ অক্টোবৰত চমকপ্রদ বেটিঙেৰে ৰাজস্থান ৰয়েলছলৈ ৰোমাঞ্চকৰ জয় কঢ়িয়াই আনি অসম সন্তান ৰিয়ান পৰাগে কৰা বিহুনৃত্যৰ ভিডিঅ’ সমগ্র দেশতে ভাইৰেল হৈ পৰিছিল৷ গগনচুম্বী ছিক্সাৰেৰে ৰাজস্থানৰ হৈ উইনিং শ্বট খেলাৰ পাছত বিহুনৃত্যৰে উল্লাস প্রদর্শন কৰি ১৮ বছৰীয়া ক্রিকেটাৰগৰাকীয়ে অসমৰ স্বাভিমানৰ প্রতীক বিহুক সমগ্র দেশৰ লগতে আই পি এলখনতো জনপ্রিয় কৰি তুলিছে৷ ইফালে, ছানৰাইজার্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ ৰোমাঞ্চকৰ জয়ত ৰিয়ানক যোগ্য সহযোগ আগবঢ়োৱা হাৰিয়ানাৰ উদীয়মান তাৰকা ৰাহুল টেৱাটিয়াকো অসম সন্তানে মেচৰ অন্তত বিহুনৃত্য শিকোৱা দেখা গৈছিল৷ ৰিয়ানে টেৱাটিয়াক বিভিন্ন অংগী–ভংগীৰে বিহুনৃত্যৰ কৌশল শিকায়৷ ৰিয়ানৰ নৃত্যৰ তালে তালে টেৱাটিয়ায়ো খন্তেক সময়ৰ বাবে বিহু নাচি দেখুৱায়৷