মাত্র ৫ মিনিটতে ৰেপিড ক’ভিড–১৯ পৰীক্ষণৰ সঁজুলি উদ্ভাৱন
নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ বিশ্বজুৰি অব্যাহত আছে মহামাৰী ক’ভিড–১৯ৰ সংক্রমণ৷ ক’ভিড–১৯ৰ ভেকচিনৰ পৰীক্ষণ বিভিন্ন পর্যায়ত চলি থাকিলেও এতিয়ালৈকে ক’ৰোনা ভাইৰাছৰ ভেকচিন বিশ্বৰ কোনো এখন দেশতে উপলব্ধ হোৱা নাই৷ ক’ভিড–১৯ সংক্রমণ অব্যাহত থাকিলেও বিশ্বৰ দেশসমূহে বাণিজ্যিক আৰু ভ্রমণমূলক কার্যকলাপ আৰম্ভ কৰিছে৷ তেনে ক্ষেত্রত ক’ভিড–১৯ৰ পৰীক্ষণ অতি কম সময়ৰ ভিতৰতে সম্পন্ন কৰাৰ প্রয়োজনীয়তা আহিছে৷ ৰেপিড এণ্টিজেন টেষ্টৰ জৰিয়তে ২৪ ঘণ্টাৰ ভিতৰত ক’ভিড–১৯ৰ পৰীক্ষণৰ ফলাফল সম্ভৱ যদিও বাণিজ্যিক কার্যকলাপ আৰু বিমানবন্দৰকে ধৰি বিভিন্ন ভ্রমণমূলক কার্যকলাপত তাতকৈও অতি কম সময়তে ক’ভিড–১৯ৰ পৰীক্ষণৰ নিতান্ত আৱশ্যক৷
ইয়াকে লৈ গৱেষণা চলাই গ্রেট ব্রিটেইনৰ অক্সফ’ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে ক’ভিড–১৯ৰ পৰীক্ষণৰ ফলাফল মাত্র ৫ মিনিটতে উপলব্ধ কৰিব পৰা সঁজুলি উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে৷ আজি অক্সফ’ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে প্রকাশ কৰা মতে, ৰেপিড ক’ভিড–১৯ পৰীক্ষণৰ সঁজুলি বিকশিত কৰিছে৷ এই সঁজুলিৰ দ্বাৰা মাত্র ৫ মিনিটৰ ভিতৰতে ক’ভিড–১৯ৰ ফলাফল লাভ কৰিব পাৰি৷ বিজ্ঞানীৰ দলটোৱে বাণিজ্যিক প্রতিষ্ঠান আৰু বিমানবন্দৰত যাত্রীৰ ক’ভিড–১৯ পৰীক্ষণৰ বাবে এই সঁজুলি ব্যৱহাৰ কৰিব বুলি প্রকাশ কৰিছে৷ নতুনকৈ উদ্ভাৱিত এই সঁজুলিক অনুমোদন জনালে ২০২১ৰ প্রাৰম্ভতে বিশ্বব্যাপী উপলব্ধ হ’ব৷
অক্সফ’ড বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিলিজ কাপানিডিছে প্রকাশ কৰা মতে, এই সঁজুলিৰ দ্বাৰা শীঘ্রে ভাইৰাছটোক চিনাক্ত কৰিব পাৰি৷ সঁজুলিটো সাধাৰণ, অতি শীঘ্রে ফলাফল নির্ধাৰণ কৰিব পৰা আৰু ব্যয় বহনক্ষম৷