নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কনটেইনমেণ্ট জ’নৰ বাহিৰত চলিব সকলো কাম

অসমত আনলক–৫

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ   ৰাজ্যত ক’ৰোনাৰ সংক্রমণ কিছু নিম্নগামী হোৱাৰ সময়তে ৰাজ্য চৰকাৰে কনটেইনমেণ্ট জ’নৰ বাহিৰৰ কাম–কাজ যথেষ্ট শিথিল কৰাৰ অনুমতি দিছে৷ কেন্দ্রীয় চৰকাৰে ইতিমধ্যে জাৰি কৰা আনলক–৫ৰ লগত সংগতি ৰাখি আজিৰে পৰা ৰাজ্য চৰকাৰে জাৰি কৰিছে এলানি নীতি–নির্দেশনা৷ সেই অনুসৰি কনটেইনমেণ্ট জ’নৰ বাহিৰত সামাজিক অনুষ্ঠান, ধর্মীয় অনুষ্ঠান, ৰাজনৈতিক সভা আদি অনুষ্ঠিত কৰিব পাৰিব৷ অৱশ্যে এনে অনুষ্ঠানত ১০০জনৰ অধিক লোক উপস্থিত থাকিব নোৱাৰিব৷ আনহাতে, প্রেক্ষাগৃহ বা মণ্ডপৰ ভিতৰত হ’ব লগা সামাজিক অনুষ্ঠানত ৫০ শতাংশ লোকহে উপস্থিত থাকিব লাগিব৷ উপস্থিত থকা লোকসকলে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব৷ তদুপৰি ছেনিটাইজাৰ ব্যৱহাৰ, থার্মেল স্ক্রীনিং বাধ্যতামূলক হ’ব৷ শিক্ষানুষ্ঠান মুকলিৰ ক্ষেত্রত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰি ব্যৱস্থা গ্রহণ কৰিব পাৰিব৷ অনলাইন পাঠদান অব্যাহত থাকিব৷ অনলাইন পাঠদানৰ লগতে বিদ্যালয়ত অনুমতি সাপেক্ষে শিক্ষার্থী উপস্থিত থাকিব পাৰিব৷ ছাত্র–ছাত্রীসকলে অভিভাৱকৰ অনুমতি লৈ ইচ্ছা অনুসৰি বিদ্যালয়ত উপস্থিত থাকিব পাৰিব৷ বিদ্যালয়ত ছাত্র–ছাত্রীসকলৰ উপস্থিতি পঞ্জীয়ন কৰিব নোৱাৰিব৷ শিক্ষা বিভাগে এইক্ষেত্রত স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰি এছ অ’ পি প্রস্তুত কৰিব পাৰিব৷ বিদ্যালয়সমূহ সম্পূর্ণৰূপে খুলিলে এই এছ অ’ পি অনুকৰণ কৰিব লাগিব৷ উচ্চ শিক্ষা বিভাগে মহাবিদ্যালয় আৰু উচ্চ শিক্ষাৰ প্রতিষ্ঠানসমূহ মুকলিৰ ক্ষেত্রত স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰিব পাৰিব৷ অৱশ্যে গৱেষণা কৰা ছাত্র–ছাত্রীৰ ক্ষেত্রত অথবা স্নাতকোত্তৰ ছাত্র–ছাত্রীৰ বিজ্ঞানাগাৰ মুকলি আজিৰে পৰা প্রযোজ্য হ’ব৷ ছুইমিং পুল খোলাৰ ক্ষেত্রত ক্রীড়া আৰু যুৱ কল্যাণ বিভাগে স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰি এছ অ’ পি প্রস্তুত কৰিব লাগিব৷ ৰাজ্যৰ মুখ্য সচিবে জাৰি কৰা এই নতুন নীতি–নির্দেশনা অনুসৰি চিনেমা হল, মাল্টিপ্লেক্স আদি স্বাস্থ্য বিভাগৰ এছ অ’ পি অনুকৰণ কৰি ৫০ শতাংশ দর্শকৰ উপস্থিতিৰে মুকলি কৰিব পাৰিব৷ একেদৰে বিনোদন পার্ক, অৱসৰ বিনোদনৰ স্থান আদি মুকলিৰ ক্ষেত্রতো স্বাস্থ্য বিভাগৰ এছ অ’ পি অনুকৰণ কৰিব লাগিব৷ কনটেইনমেণ্ট জ’নৰ বাহিৰত থকা সকলো ধৰণৰ ব্যৱসায়িক প্রতিষ্ঠান উদ্যোগ–বাণিজ্য বিভাগৰ এছ অ’ পি অনুকৰণ কৰি মুকলি কৰিব পাৰিব৷ নতুন নীতি–নির্দেশনা অনুসৰি আন্তঃৰাষ্ট্রীয় বিমানযাত্রাৰ ক্ষেত্রত এতিয়াও অনুমতি প্রদান কৰা হোৱা নাই৷ অৱশ্যে আন্তঃৰাজ্যিক বাছসেৱা আৰু সামগ্রী আদান–প্রদানৰ ক্ষেত্রত কোনো ধৰণৰ বাধা নাথিকব৷ আনহাতে, কনটেইনমেণ্ট জ’নৰ লকডাউন ৩১ অক্টোবৰলৈ বাহাল থাকিব৷ ৬৫ বছৰৰ ঊর্ধ্বৰ ব্যক্তি আৰু ১০ বছৰৰ তলৰ শিশুক ঘৰতে ৰখাৰ পৰামর্শ দিয়া হৈছে৷
৫০ শতাংশ দর্শকেৰে চিনেমা হল মুকলিৰ প্রস্তুতি
লকডাউনৰ বাবে যোৱা দীর্ঘদিন ধৰি বন্ধ হৈ থকা চিনেমা হল আজিৰে পৰা মুকলি হ’ল৷ অৱশ্যে আজি চিনেমা হলসমূহ মুকলি কৰাৰ নির্দেশ জাৰি হ’লেও নতুন এছ অ’ পি প্রস্তুত নোহোৱা বাবেই চিনেমা চলোৱাৰ বাবে কোনো পদক্ষেপ গ্রহণ নকৰিলে হলৰ স্বত্বাধিকাৰসকলে৷ আনলক–৫ৰ নিয়ম অনুসৰি মুকলি হোৱা চিনেমা হলসমূহত ৫০ শতাংশ দর্শকহে উপস্থিত থাকিব পাৰিব৷ কেন্দ্রীয় চৰকাৰে ইতিমধ্যে জাৰি কৰা উক্ত নির্দেশনাৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে চিনেমা হল মুকলিৰ ক্ষেত্রত এছ অ’ পি জাৰি কৰিলেহে হলসমূহ সম্পূর্ণভাৱে আৰম্ভ হ’ব৷

You might also like