নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংশোধন হ’ব কন্যাৰ নূন্যতম বিবাহৰ বয়স

নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ ৰাষ্ট্রসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ (ফাও) ৭৫সংখ্যক বার্ষিকী উপলক্ষে ৭৫ টকীয়া স্মাৰক মুদ্রা মুকলি কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ভার্চুৱেলযোগে ৭৫ টকীয়া স্মাৰক মুদ্রা মুকলি কৰি প্রধানমন্ত্রী মোদীয়ে ভাষণত নতুন কৃষি আইনৰ পৰা কন্যাৰ বিবাহৰ বৈধ বয়সলৈকে কেইবাটাও বিষয়ত তাৎপর্যপূর্ণ মন্তব্য কৰে৷

প্রধানমন্ত্রী মোদীয়ে কয় যে দেশত প্রথমবাৰৰ বাবে শিক্ষাত মুঠ নামভর্তিৰ অনুপাতত ল’ৰাতকৈ কন্যাৰ সংখ্যা বৃদ্ধি পাইছে৷ কেন্দ্রীয় চৰকাৰে বিগত ৬ বছৰ ধৰি গ্রহণ কৰা পদক্ষেপৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে৷ আনপিনে প্রধানমন্ত্রী মোদীয়ে কন্যাৰ বিবাহৰ নূন্যতম বৈধ বয়স শীঘ্রেই সংশোধন কৰা হ’ব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷

কেন্দ্রীয় চৰকাৰে কন্যাৰ বিবাহৰ বয়স সংশোধনৰ ক্ষেত্রত কমিটী গঠন কৰি দিছে৷ এই কমিটীয়ে প্রতিবেদন দাখিল কৰাৰ পাছতেই চৰকাৰে কন্যাৰ নূন্যতম বৈধ বয়সৰ সংশোধনৰ সিদ্ধান্ত গ্রহণ কৰিব৷ এইক্ষেত্রত দেশৰ মহিলাসকলে কেতিয়ালৈকে কন্যাৰ বিবাহৰ বয়স সংশোধনী কৰা হ’ব, সেই সন্দর্ভত প্রেৰণ কৰা পত্রৰ প্রসংগও ভাষণত উল্লেখ কৰে প্রধানমন্ত্রী মোদীয়ে৷ দেশৰ মহিলাক সবলীকৰণ কৰাৰ বাবে কেন্দ্রই গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে দেশৰ দুখীয়া মহিলাক ১ টকাতে চৰকাৰে ছেনিটেৰী পেড যোগান ধৰি অহা বুলি কয়৷

উল্লেখ্য যে বর্তমান কন্যাৰ বিবাহৰ নূন্যতম বয়স ১৮ বছৰ আৰু ল’ৰাৰ ২১ বছৰ৷

You might also like