নিষেধাজ্ঞাৰে সুৰক্ষাৰ জাল বাংলাদেশ সীমান্তত
সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৫ বজালৈ হাট–বজাৰ, ৰাজপথৰ ব্যৱহাৰ নিষিদ্ধ
নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ বর্তমান পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ৰাইজৰ মাজত শান্তি–সম্প্রীতি অটুট ৰখাৰ স্বার্থত ভাৰত–বাংলাদেশ সীমান্তৰে ধুবুৰী জিলাত উগ্রপন্থী, বিদেশী নাগৰিক যাতে সোমাব নোৱাৰে আৰু খাদ্য সামগ্রী, পশুধনকে ধৰি অন্যান্য সামগ্রীৰ চোৰাং সৰবৰাহৰ ক্ষেত্রত বাধা প্রদান কৰাৰ উদ্দেশ্যে ধুবুৰী জিলা দণ্ডাধীশে ভাৰতীয় ফৌজদাৰী কার্যবিধিৰ ১৪৪নং ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে৷ উক্ত নিষেধাজ্ঞা অনুসৰি জিলাখনৰ ভাৰত–বাংলাদেশ সীমান্তৰ ৫০০ মিটাৰ বেল্টলৈকে ৰাজহুৱা পথত, গাঁৱৰ পথ আদিত নিশা ৮ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ ৰাইজৰ চলাচল সম্পূর্ণৰূপে নিষিদ্ধ কৰা হৈছে৷ তদুপৰি সীমান্ত অঞ্চলৰব্যৱসায়িক হাট, বজাৰ, দোকানসমূহ সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৫ বজালৈকে বন্ধ ৰখাৰ নির্দেশ দিয়াৰ লগতে উক্ত সময়ছোৱাত ভাৰত–বাংলাদেশ সীমান্তৰ ৩০০ মিটাৰ বেল্টলৈকে পশু চৰোৱা নিষিদ্ধ কৰা হৈছে৷ আনপিনে, অসম–পশ্চিমবংগ সীমান্তয়েদি ধুবুৰী জিলাত যাতে উগ্রপন্থী, বিদেশী নাগৰিক আৰু কোনো ব্যক্তিয়ে সীমা পাৰ হৈ সংঘর্ষ বা সামাজিক অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে ধুবুৰী জিলাৰ জিলা দণ্ডাধীশে ভাৰতীয় ফৌজদাৰী কার্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত অসম পশ্চিমবংগৰ আন্তঃৰাজ্যিক সীমাৰ ৫০০ মিটাৰ বেল্টৰ ভিতৰত সন্ধিয়া ৭ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ ৰাজহুৱা পথ, গ্রাম্য পথত জনসাধাৰণৰ চলাচলৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ এই নিষেধাজ্ঞা আইন প্রণয়নকাৰীসকল, যেনে– দণ্ডাধীশ, আৰক্ষী, গৃহৰক্ষী বাহিনী, বন আৰু শুল্ক বিভাগৰ বিষয়া, সীমান্ত সুৰক্ষা বাহিনী, কর্তব্যৰত বিক্রী কৰ বিষয়া, এম ভি আই আদিৰ ক্ষেত্রত প্রযোজ্য নহ’ব লগতে ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ আন্তঃৰাজ্যিক সীমাৰ ছাগলীয়াতো এই নিষেধাজ্ঞা প্রযোজ্য নহয় বুলি জানিব পৰা গৈছে৷ কালিৰ পৰা বলৱৎ হোৱা এই নিষেধাজ্ঞা পুনৰ আদেশ নিদিয়া পর্যন্ত বাহাল থাকিব বুলি আজি জিলা প্রশাসনৰ এক সূত্রই জানিবলৈ দিছে৷