আজি হায়দৰাবাদৰে যুঁজিব কলকাতাই
নিয়মীয়া বাৰ্তা, ১৮অক্টোবৰঃ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ পিছত কলকাতা নাইট ৰাইডার্ছে চলিত আই পি এলত কাইলৈ আজি ছানৰাইজার্ছ হায়দৰাবাদৰ বিৰুদ্ধে মৰণপণ যুঁজত অৱতীর্ণ হ’ব৷ আবু ধাবিত অনুষ্ঠিত হ’বলগীয়া মেচখনত ইয়ন মৰগান নেতৃত্বাধীন কলকাতাই প্লে অফৰ আশা সজীৱ কৰি ৰখাৰ লক্ষ্যৰে বহু প্রত্যাশিত জয়ৰ সন্ধান কৰিব৷
বিশ্বকাপ বিজয়ী ইংলেণ্ড দলৰ অধিনায়ক মৰগানৰ নেতৃত্বত দলটোৱে বেটিঙৰ সমস্যা দূৰ কৰি নতুন উদ্যমেৰে খেলপথাৰত নমাৰ সংকল্প লৈছে৷ উল্লেখ্য যে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ হাতত ৮২ ৰানত পৰাস্ত হোৱাৰ পিছত কলকাতাই যোৱানিশা মুম্বাইৰ হাতত আঠ উইকেটত পৰাজয় স্বীকাৰ কৰে৷ এই মুহূর্তত চাৰিখনত জয় আৰু চাৰিখন মেচত পৰাজয়েৰে পইণ্ট তালিকাৰ চতুর্থ স্থানত থাকিলেও কলকাতা নাইট ৰাইডার্ছক শীর্ষক্রমৰ বেটছমেনৰ দুর্বল প্রদর্শনে চিন্তাত ৰাখিছে৷ অ’পেনাৰ শুভমন গীল আৰু ৰাহুল ত্রিপাঠীয়ে সুন্দৰ আৰম্ভণি লাভ কৰিও দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হৈছে৷ নীতিশ ৰাণা আৰু দীনেশ কার্তিকক সম্পূর্ণৰূপে ছন্দহীন দেখা গৈছে৷
ইফালে, চলিত আই পি এলত মাত্র তিনিখন মেচত জয়ৰ মুখ দেখা ছানৰাইজার্ছ হায়দৰাবাদে প্লে অফৰ আশা সজীৱ কৰি ৰাখিবলৈ আজি জয় সাব্যস্ত কৰাটো অত্যাৱশ্যকীয় হৈ পৰিছে৷ দলটোৰ প্রধান সমস্যা হ’ল শীর্ষক্রমৰ চাৰিগৰাকী বেটছমেন ক্রমে ডেভিদ ৱার্নাৰ, জ’নী বেয়াৰষ্ট’, মনীষ পাণ্ডে আৰু কেন উইলিয়ামছনৰ ওপৰত অধিক নির্ভৰশীলতা৷ অনভিজ্ঞ মিডল অর্ডাৰে দলটোক বাৰে বাৰে বিপদত পেলাইছে৷ তাৰকা লেগ স্পীনাৰ ৰশ্বিদ খানৰ দুর্বল ফর্মেও দলটোৰ উদ্বিগ্ণতা বৃদ্ধি কৰিছে৷
খেলৰ সময়ঃ বিয়লি ৩.৩০ বজা৷