নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকীয় ক্ষুধা সূচকৰ দেশৰ তালিকাত ৯৪ স্থানত ভাৰত

নিয়মীয়া বাৰ্তা, ১৮অক্টোবৰঃ গোলকীয় ক্ষুধা সূচক ২০২০ৰ তালিকাত ভাৰতৰ স্থান ৯৪৷ ১০৭খন দেশৰ ভিতৰত ভাৰতে ‘ছিৰিয়াছ’ শিতানত ৯৪ স্থান লাভ কৰাৰ বিপৰীতে চুবুৰীয়া ৰাষ্ট্র বাংলাদেশ, ম্যানমাৰ আৰু পাকিস্তানৰ স্থান ভাৰততকৈ উন্নত৷ ছিৰিয়াছ শিতানত বাংলাদেশৰ স্থান ৭৫, ম্যানমাৰ আৰু পাকিস্তানৰ স্থান ক্রমে ৭৮ আৰু ৮৮৷

আনপিনে মডাৰেট শিতানত নেপালৰ স্থান ৭৩ আৰু শ্রীলংকাৰ স্থান ৬৪৷ ভাৰতে এই তালিকাত ৯৪ স্থান লাভ কৰাৰ তথ্য হিচাপে বিশেষজ্ঞই দুর্বল ৰূপায়ণ প্রক্রিয়া, প্রভাৱশীল নিৰীক্ষণৰ অভাৱ, পুষ্টিহীনতাৰ সৈতে মোকাবিলা কৰাৰ অভাৱ আৰু দুর্বল পাৰদর্শিতাক কাৰণ হিচাপে বর্ণনা কৰিছে৷ তাৎপর্যপূর্ণ যে ভাৰতে বিগত বর্ষত ১১৭খন দেশৰ ভিতৰত ১০২নং স্থান লাভ কৰিছিল৷ আনপিনে প্রতিবেদন মতে, ভাৰতৰ মুঠ জনসংখ্যাৰ ১৪ শতাংশই পুষ্টিহীনতাত ভুগি আছে৷

You might also like