নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্গোৎসৱৰ প্রাকক্ষণত দলে দলে আহিছে বহিঃৰাজ্যৰ সন্দেহজনক লোক

নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ ক’ৰোনাৰ বিভীষিকাৰ মাজতে ধৰালৈ আগমন ঘটিল দুর্গতিনাশিনী, মহিষমর্দিনী দেৱী দুর্গাৰ শাৰদীয় দুর্গোৎসৱ৷ দুর্গাপূজালৈ মাজত মাথোঁ তিনিটা দিন বাকী৷ পূজাক লৈ মহানগৰীত ব্যাপক জাকজমকতা নাই যদিও ধর্মীয় পৰম্পৰা অনুসৰি ঠায়ে ঠায়ে পূজাৰ আয়োজন চলিছে৷ শাৰদীয় দুর্গোৎসৱৰ প্রাক্মুহূর্তত ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা আগমন ঘটিছে ছদ্মবেশী ব্যৱসায়ী তথা সন্দেহযুক্ত লোকৰ৷ পূজাৰ বতৰত বিভিন্ন সা–সামগ্রী বিক্রীৰ অচিলা লৈ মহানগৰীত প্রৱেশ কৰে বহু সন্দেহজনক নাগৰিকৰ৷ ভয়াৱহ দিশটো হ’ল এইসকল নাগৰিকৰ একো তথ্যই নাথাকে মহানগৰীৰ আৰক্ষীৰ হাতত৷

বহিঃৰাজ্যৰ পৰা ৰে’লযোগে পূজাৰ পূর্বে আহি প্রথমতে গুৱাহাটী–মালিগাঁৱৰ ৰে’লৱে ষ্টেচনত আশ্রয় লৈ থকা এনে লোকসকল পিছলৈ ভাগে ভাগে মহানগৰীৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ পৰে৷ পদপথকে ধৰি ৰাজহুৱা ঠাই আৰু চৰকাৰী অনুষ্ঠান–প্রতিষ্ঠানৰ্ সন্মুখৰ ঠাইত তম্বু আঁৰি অথবা মুকলি আকাশৰ তলত এইসকল লোকে নিশা কটায়৷ ৰহস্যজনকভাৱে দিনৰ ভাগত সেই ঠাইৰ পৰা এইসকল লোক ক’লৈ যায়, সেয়া এক গভীৰ ৰহস্য৷ অৱশ্যে পুনৰ নিশাৰ ভাগত আহি শিশুসহ পুৰুষ–মহিলাসকল নির্দিষ্ট স্থানত উপস্থিত হৈ নিশা পাৰ কৰে৷ পূজাৰ সময়ছোৱাত খেলনা সামগ্রীৰ লগতে বেলুন আদি বিক্রী কৰিবলৈ ৰাজস্থান, বিহাৰ, কলকাতা আৰু অন্যান্য ৰাজ্যৰ পৰা এনে সন্দেহজনক লোক আহি মহানগৰীৰ বিভিন্ন অপৰাধজনিত কার্য সংঘটিত কৰি অহা বুলি একাংশ লোকে অভিযোগ কৰি আহিছে যদিও এইক্ষেত্রত আৰক্ষী–প্রশাসনে বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ উল্লেখ্য যে বিগত বর্ষসমূহৰ দৰে এইবেলিও ৰে’লযোগে মহানগৰীত প্রৱেশ কৰিছে এনে এটা ছদ্মবেশী ব্যৱসায়ীৰ দল৷ ৰাজস্থান, বিহাৰ আৰু কলকাতাৰ পৰা অহা এই দলটোৱে কটন বিশ্ববিদ্যালয়ৰ সমীপৰ পদপথ আৰু ৰিজার্ভ বেংকৰ সমীপত আশ্রয় লৈছে৷ কেইবাদিন ধৰি অঞ্চলটোৰ পদপথত আশ্রয় লৈ থকা লোকসকল প্রকৃততে কি উদ্দেশ্যে গুৱাহাটী মহানগৰীত প্রৱেশ কৰিছে, সেই সন্দর্ভত কোনো তথ্য পোহৰলৈ অহা নাই৷

লক্ষণীয়ভাৱে মহানগৰ আৰক্ষী–প্রশাসনে এইসকলৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ শিশুকে ধৰি শতাধিক পুৰুষ–মহিলাই পদপথত আশ্রয় লৈ অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে পথৰ দাঁতিত মল–মূত্র ত্যাগ কৰি অঞ্চলজুৰি পূতিগন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ ইয়াৰ মাজৰে একাংশ লোকে বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত কৰাৰ লগতে আন একাংশ ইৰানী গ্রুপৰ সদস্য বুলি অভিযোগ উঠিছে যদিও আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্রহণ কৰা নাই৷ উল্লেখ্য যে গুৱাহাটীৰ ছয়মাইল উৰণীয়া সেতু আৰু শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ সন্মুখৰ মুকলি ঠাইত মাজনিশা এনেধৰণে বহু লোকে আশ্রয় লৈ থকা পৰিলক্ষিত হৈছে৷ আৰক্ষী–প্রশাসনে এনে সন্দেহযুক্ত লোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like