৫.২৫ মিনিটত ১.৬ কিঃমিঃ দৌৰি অভিলেখ ৯ মাহৰ অন্তঃসত্ত্বা এথলিটৰ, চাওক ভিডিঅ’
নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ ৯ মাহৰ অন্তঃসত্ত্বা হৈয়ো এনেদৰে ট্রেকত দৌৰিছে, সেয়া নেদেখিলে হয়টো কোনেও বিশ্বাস নকৰিব।
হয়, ঠিকেই শুনিছে। টাইমছ নাউত প্ৰকাশিত খবৰ অনুসৰি, ১৯ অক্টোবৰতেই সন্তানৰ মাতৃ হোৱাৰ কথা ২৮ বছৰীয়া পেছাদাৰী এথলিট মাকেন্না মাইলাৰৰ। তাৰ পূৰ্বে এনে অৱস্থাটো দৌৰিবলৈ সাহস কৰি ১.৬ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে মাত্র ৫ মিনিট ২৫ ছেকেণ্ডত। ইতিমধ্যেই ভাইৰেল হৈ পৰিছে এথলিটগৰাকীৰ সেই দৌৰাৰ ভিডিঅ’।
সাধাৰণতে এজন সুস্থ-ফিট ব্যক্তিৰো এক মাইল দৌৰিবলৈ সময় লাগে ৯ ৰ পৰা ১০ মিনিট। কিন্তু গর্ভৱতী অৱস্থাতেই প্রায় অর্ধেক সময়তে সেই পথ অতিক্রম কৰিলে মাকেন্নানে।
কিন্তু ভাইৰেল হোৱা ভিডিঅ দেখি বহুজনেই জানিবলৈ বিচাৰিছে, এই অৱস্থাত কি এনেদৰে দৌৰাটো স্বাস্থ্যকৰ? অৱশ্যে এথলিটগৰাকীয়ে জনাইছে, চিকিৎসকৰ পৰামর্শ মানিহে ট্রেকত নামিছিল তেওঁ।
চাওক সেই ভিডিঅ-