নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যিক মর্যাদাৰে শেষকৃত্য ৰবেন দাসৰ

নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ  মানকাচৰত গৰুৰ চোৰাং ব্যৱসায়ীক কৰায়ত্ত কৰিবলৈ গৈ মৃত্যুবৰণ কৰা আৰক্ষী জোৱান ৰবেন দাসৰ শেষকৃত্য কালি নিজ গাঁৱত ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হয়৷ কালি নিশা ৯ বজাত শ্বহীদ আৰক্ষী জোৱান ৰবেন দাসৰ নশ্বৰ দেহ ঘৰ আহি পোৱাৰ পিছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷ উপস্থিত সহস্রাধিক লোকে ৰবেন দাস অমৰ হওক ধ্বনিৰে পৰিৱেশ মুখৰিত কৰি তোলে৷ আৰক্ষী জোৱানজনক শেষবাৰলৈ চোৱাৰ বাবে লোকে লোকাৰণ্য হৈ পৰে৷ ইয়াৰ কিছু সময় পিছতে শ্বহীদ ৰবেন দাসৰ ঘৰত উপস্থিত হয় মন্ত্রী চন্দ্রমোহন পাটোৱাৰী আৰু নামনি অসমৰ ডি আই জি দেৱজিৎ মুখার্জী৷ তেওঁলোক দুয়ো নিজে গাডীৰ পৰা দাসৰ নশ্বৰ দেহ কান্ধত কঢ়িয়াই আনি চোতালত থয় আৰু শ্বহীদগৰাকীক শেষ শ্রদ্ধা জ্ঞাপন কৰে৷

মুখ্যমন্ত্রীৰ নির্দেশ অনুসৰি বীৰ শ্বহীদগৰাকীৰ ৰাজ্যিক মর্যাদাৰে অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়৷ দুর্ভগীয়া পৰিয়ালটোক ৫ লাখ টকা প্রদান কৰাৰ কথা ঘোষণা কৰে মন্ত্রী পাটোৱাৰীয়ে৷ অতি দুখীয়া পৰিয়ালৰ পৰা গৈ আৰক্ষীত ভর্তি হোৱা জোৱান দাসৰ মৃত্যুত সমগ্র গাঁওখনতে কান্দোনৰ ৰোলে এক অবর্ণনীয় পৰিৱেশৰ সৃষ্টি কৰে৷ উল্লেখ্য যে সৰুক্ষেত্রী সমষ্টিৰ অন্তর্গত হাঠিনাপুৰ বাঙলীপাৰা গাঁও নিৱাসী প্রয়াত খগেন দাস আৰু পুষ্পেবালা দাসৰ দ্বিতীয় পুত্র তথা দক্ষিণ শালমাৰা থানাৰ জলেশ্বৰ বর্ডাৰ আৰক্ষী চকীৰ আই আৰ বি এন কনিষ্টবল ৰবেন দাসে পৰহি নিশা সহকর্মীৰ সৈতে পেড্রলিং ডিউটিত থকা অৱস্থাতে ভাৰত–বালাংদেশ সীমান্তৱর্তী এক অঞ্চলত এক গোপন সূত্রৰ খবৰৰ ভিত্তিত চোৰাং গৰুৰ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ খেদি গৈছিল৷ এনে অৱস্থাতে প্রায় ১২.৩০ বজাত হঠাতে নিশাৰ অন্ধকাৰত দ খাৱৈত দুর্ঘটনাবশতঃ পৰি যোৱাত নিখোজ হৈ পৰে৷

ইয়াৰ পিছতে সহকর্মী আৰক্ষীকেইজনে ৰবেনক বহু সময় ধৰি বিচাৰি নোপোৱাত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ ঘটনা সন্দর্ভত তাৎক্ষণিকভাৱে শীর্ষ আৰক্ষী বিষয়াক অৱগত কৰোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী বিষয়াসহ এছ ডি আৰ এফ উপস্থিত হৈ বহু সময় বিচাৰ–খোঁচাৰ কৰাৰ অন্তত এটি দ খাৱৈৰ পৰা পুৱতি নিশা ৰবেনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

You might also like