নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ লখিমপুৰ জিলাৰ নাওবৈচা আৰক্ষী চকীৰ অধীনস্থ ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ শিঙৰা নৈৰ দলঙৰ সমীপত সোমবাৰে পুৱা প্রায় ৪.৩০ বজাত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়৷ দুর্ঘটনাটোত শিশুসহ থিতাতে নিহত হয় চাৰিজনকৈ লোক৷ গুৱাহাটীৰ পৰা লখিমপুৰৰ পহুমৰাৰ দিশে আহি থকা এ এছ–০১ বি আৰ–০০৭৮ নম্বৰৰ ইন’ভা গাডীখনে দলহাট তিনিআলিৰ শিঙৰা দলঙৰ সমীপৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ কাষৰ এজোপা গছত তীব্র বেগেৰে খুন্দা মৰাত গাডীখনৰ চালক ৰত্ন মহন্তৰ (৩৬) থিতাতে মৃত্যু হয়৷ দুর্ঘটনাৰ খবৰ পাই নাওবৈচা আৰক্ষী চকীৰ আৰক্ষীয়ে গুৰুতৰভাৱে আঘাতপ্রাপ্ত মিতালী দাস বডো (২৬), উৎপল বডো (৬) আৰু ৰিংকু মৰাঙক (২৮) দুর্ঘটনা সংঘটিত হোৱাৰ কিছু সময় পাছতে নাওবৈচা গ্রাম্য চিকিৎসালয়ত চিকিৎসাৰ বাবে ভর্তি কৰায় যদিও তিনিওগৰাকীৰ চিকিৎসালয়তে মৃত্যু হয়৷ আনহাতে, গুৰুতৰভাৱে আহত নাৰায়ণ বডোক (৩৭) সংকটজনক অৱস্থাত উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰা হৈছে৷ গাড়ীখনৰ চালক ৰত্ন মহন্তৰ ঘৰ ঘিলাধাৰীত বুলি জানিব পৰা গৈছে৷ আনহাতে, নাৰায়ণ বড়ো, মিতালী দাস বড়ো আৰু উৎপল বড়ো গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ বাসিন্দা আৰু ৰিংকু মৰাঙৰ ঘৰ পহুমৰাৰ উজনি খামতিত বুলি জানিব পৰা গৈছে৷ আনহাতে, মৃত্যু হোৱা চাৰিওজনৰে মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত ৰিংকু মৰাং আৰু ৰত্ন মহন্তৰ মৃতদেহ পৰিয়ালক আৰক্ষীয়ে চমজাই দিয়ে যদিও মিতালী দাস আৰু উৎপল দাসৰ মৃতদেহ চমজি ল’বলৈ পৰিয়ালৰ লোক এতিয়ালৈকে লখিমপুৰত উপস্থিত হোৱা নাই৷ নাওবৈচা আৰক্ষীয়ে জনোৱা মতে, লখিমপুৰৰ পহুমৰা উজনি খামতিৰ ৰিংকু মৰাং গুৱাহাটীৰ এখন ব্যক্তিগত নার্ছিং হোমত নার্ছ হিচাপে কর্মৰত আছিল৷ ৰিংকু মৰাঙক ঘৰত থ’বলৈ যোৱানিশা তেওঁলোক অভিশপ্ত ইন’ভাখনেৰে ৰাওনা হৈছিল৷ দুর্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্রাপ্ত নাৰায়ণ বডোৰ অৱস্থা অতি সংকটজনক বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷
বকোৰ বন্দাপাৰাত বাইক–ট্রেভেলাৰৰ সংঘর্ষত তিনিজনৰ মৃত্যু
কামৰূপ জিলাৰ বকো থানাৰ অন্তর্গত বন্দাপাৰাত বাইক আৰু যাত্রীবাহী ট্রেভেলাৰৰ মাজত সংঘটিত ভয়ংকৰ সংঘর্ষত তিনিজন লোকৰ মৃত্যু হয়৷ আনহাতে, আঘাতপ্রাপ্ত হয় প্রায় ৯জন লোক৷ দুর্ঘটনাটোত মৃত্যু হোৱা বাইক আৰোহী যুৱকদ্বয়ৰ লগতে ট্রেভেলাৰৰ এজন যাত্রীৰো মৃত্যু হয়৷ মৃত দুজন ব্যক্তিক অজয় ৰাভা আৰু উদ্ধৱ চৌধুৰী বুলি চিনাক্ত কৰাৰ বিপৰীতে আন এজনক চিনাক্ত কৰিব পৰা হোৱা নাই৷ উল্লেখ্য যে সংঘর্ষৰ পাছতে ট্রেভেলাৰখন বাগৰি পৰে পথৰ দাঁতিত৷ ট্রেভেলাৰত বহু সময় আবদ্ধ হৈ থকে এটা মৃতদেহ৷ দুর্ঘটনাত পতিত যাত্রবাহী ট্রেভেলাৰখনৰ নম্বৰ এ এছ–০১ ই চি–০৭০৫৷ ঘটনাস্থলীত উপস্থিত হৈ বকো আৰক্ষীয়ে নিহত আৰু আহতক বকো প্রাথমিক স্বাস্থ্যকেন্দ্রত ভর্তি কৰায়৷ ট্রেভেলাৰখন নগৰবেৰাৰ শিমলিতলালৈ গৈ আছিল৷ নিহত অজয় ৰাভাৰ ঘৰ বকোৰ বন্দাপাৰাত৷ উদ্ধৱ চৌধুৰীৰ ঘৰ নগৰবেৰাৰ পথালিপাৰাত বুলি জানিব পৰা গৈছে৷