নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ প্ৰথমটো মাল্টি মডেল লজিষ্টিক পাৰ্কৰ আধাৰশিলা স্থাপন

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ দেশৰ ভিতৰত প্ৰথমটো মাল্টি মডেল লজিষ্টিক পাৰ্কৰ আধাৰশিলা স্থাপন। অসমৰ বঙাইগাঁৱত স্থাপন হ’ব এই পাৰ্ক। ভাৰত মালা যোজনাৰ অধীনত এই পাৰ্কৰ জড়িয়তে পথ-ৰে’ল-জলপথৰে হ’ব পোনপটীয়া সংযোগ। প্ৰায় ৭০০কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি তোলা হ’ব এই পাৰ্ক। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ভিডিঅ’ কনফাৰেন্সিঙ যোগে আধাৰশিলা স্থাপন কৰে। এই আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, উদ্য়োগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি বহুকেইজন মন্ত্ৰী বিধায়ক।

অসমৰ আন্তঃগাঁথনি তথা অৰ্থনৈতিক ভেঁটি শক্তিশালী কৰাৰ দিশত এক যুগান্তকাৰী পদক্ষেপ কেন্দ্ৰীয় চৰকাৰৰ।

You might also like