গোসাঁইগাঁৱৰ গুৰুফেলা নৈত তিনি শিশুৰ সলিল সমাধি
নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ কোকৰাঝাৰ জিলাৰ তুলসীবিল আৰক্ষী এলেকাৰ তাজপুৰ নেপালপাৰাৰ তিনিটা শিশুৰ সলিল সমাধি ঘটা এক মর্মান্তিক ঘটনাই সমগ্র এলেকাত শোকৰ ছাঁ পেলাইছে৷
প্রাপ্ত বাতৰি মতে, গোসাঁইগাঁও মহকুমাৰ তাজপুৰ নেপালপাৰাৰ ইছলাম উদ্দিনৰ পুত্র মিজানুৰ ৰহমান (১১), কন্যা ইয়াছমিন পাৰবিন (৯) আৰু ময়নাল হকৰ পুত্র আনছৱেৰ আলীয়ে (৮) কালি দুপৰীয়া খৰস্রোতা গুৰুফেলা নৈত গা ধুই থকাৰ সময়তে তিনিও পানীৰ কোবাল সোঁতত উটি যায়৷ ইয়াৰ পিছতে সমগ্র গাঁওখনতে হুৱাদুৱা লাগে৷ ৰাইজে নৈৰ বুকুত নিৰুদ্দিষ্ট শিশুকেইটিক উদ্ধাৰ অভিযান চলায়ো সফল নহ’ল৷
ইয়াৰ বিপৰীতে এই শোকাৱহ ঘটনাৰ খবৰ লাভ কৰি স্থানীয় তুলসীবিল আৰক্ষীৰ সহযোগত এছ ডি আৰ এফ বাহিনীয়ে গুৰুফেলা নৈত দীর্ঘ সময় অভিযান চলোৱাৰ মূৰকত কালি সন্ধিয়া আনছৱেৰৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ তুলসীবিল আঞ্চলিক এবিএমছুৱে এই ঘটনাত গভীৰ শোক প্রকাশ কৰে৷