নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনজিঅ’ৰ বিৰুদ্ধে কঠোৰ ভাৰত চৰকাৰ; উদ্বিগ্ন ৰাষ্ট্রসংঘ

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ বিভাগৰ মুৰব্বী মিচেল বেছেলেটে কালি ভাৰতত মানৱ অধিকাৰ সংস্থা আৰু এন জি অ’বোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা বিষয়টোত গভীৰ উদ্বেগ প্রকাশ কৰিছে৷

কঠোৰ আইনৰ জৰিয়তে মানৱ অধিকাৰ কর্মীসকলৰ কাম–কাজত বাধা প্রদান কৰাৰ উপৰি এন জি অ’সমূহে বিদেশী পুঁজি গ্রহণ কৰাৰ ক্ষেত্রতো নিষেধাজ্ঞা আৰোপ কৰিছে ভাৰত চৰকাৰে৷ আজি বেছেলেটে ভাৰত চৰকাৰক মানৱ অধিকাৰ কর্মীসকলৰ অধিকাৰক সুৰক্ষা প্রদান কৰাৰ উপৰি এন জি অ’সমূহক কাম–কাজ চলাই যোৱাৰ ক্ষেত্রত সুযোগ দিবলৈ আহ্বান জনাইছে৷

ভাৰতে পূর্বৰে পৰা মানৱ অধিকাৰ ৰক্ষাৰ ক্ষেত্রত ওকালতি কৰি আহিছে যদিও শেহতীয়াকৈ দেশখনত অধিকাৰ কর্মীসকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইন প্রয়োগ কৰা বুলি অভিযোগ কৰিছে নেত্রীগৰাকীয়ে৷

You might also like