নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হায়দৰাবাদ এনকাউণ্টাৰৰ আঁৰৰ মূল নায়ক কোন এই সিংঘম ৰূপি ‘সজ্জনাৰ’ ?

নিয়মীয়া বাৰ্তা ৬ ডিচেম্বৰঃ হায়দৰাবাদৰ জঘন্য ধৰ্ষণ কাণ্ডৰ চাৰিজন অভিযুক্তক আজি পুৱা হায়দৰাবাদ আৰক্ষীয়ে এনকাউণ্টাৰ কৰে । যাৰ ফলত আটাইকেইজনৰ মৃত্যু হয়। এই সংঘৰ্ষৰ পিছতেই এই এনকাউণ্টাৰৰ আঁৰৰ মূল নায়ক তথা চাইবেৰাবাদ আৰক্ষী আয়ুক্ত ভি চি সজ্জনাৰে দেশজুৰি চৰ্চি লাভ কৰিছে। পিচে এই এনকাউণ্টাৰৰ পূৰ্বেও তেওঁ সকলোৰে মাজত ‘এনকাউণ্টাৰ বিশেষজ্ঞ’ হিচাপে পৰিচয় লাভ কৰিছিল ।

ৱাৰেংগল এচিড আক্রমণৰ এনকাউন্টাৰ, ২০০৮

২০০৮ চনত ৱাৰেংগলত ইঞ্জিনিয়াৰিঙৰ দুগৰাকী ছাত্ৰীক এচিড আক্ৰমণ কৰি হত্যা কৰা অভিযুক্ত ৩ জনক সজ্জানাৰেই যমৰ ঘৰৰ আলহী কৰিছিল। সেই সময়ত ভি চি সজ্জনাৰ ৱাৰেংগলৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল। ৱাৰেংগলৰ ঘটনাৰ পিছতেই ভি চি সজ্জনাৰ জনতাৰ মাজত নায়ক ৰূপে স্থান পাইছিল।

মাওবাদী এনকাউণ্টাৰ, ২০০৯

২০০৯ চনৰ মে’ মাহত ভি চি সজ্জনাৰ ৱাৰেংগলত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত থকা সময়ত সেই সময়ৰ অন্ধপ্ৰদেশৰ কুখ্যাত মাওবাদী নেতা পি সুধাকৰ ৰেড্ডীক এনকাউণ্টাৰ কৰিছিল। উল্লেখ্য যে পি সুধাকৰ ৰেড্ডী, ২০০৩ চনত অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক আক্ৰমণ কৰাৰ লগত জড়িত আছিল। লগতে ২০০০ চনত অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন গৃহমন্ত্ৰী মাধৱা ৰেড্ডীক হত্যা কৰিছিল।

কৰ্ণাটকৰ হূবলীত জন্মগ্ৰহণ কৰা ভি চি সজ্জনাৰ হৈছে ১৯৯৬ বৰ্ষৰ আই পি এছ বিষয়া। তেওঁ অন্ধ্ৰ প্ৰদেশৰ পুলিভিন্দৰত অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি কৰিছিল।

উল্লেখ্য যে আজি ৰাতিপুৱা আটাইকেইজন অভিযুক্তক তদন্তৰ বাবে ঘটনাস্থলীলৈ লৈ যোৱা হৈছিল । কিন্তু আৰক্ষী কবলৰ পৰা পলায়ন কৰোতেই ৪ অভিযুক্তক আৰক্ষীয়ে গুলীয়াই হত্যা কৰে। যাৰ পাছতেই হায়দৰাবাদ আৰক্ষীক প্ৰশংসাৰে উপচাই পেলাইছে জনসাধাৰণে। লগতে ছ’চিয়েল মিডিয়াতো বিভিন্নজনে এই ঘটনাক লৈ মন্তব্য কৰা দেখা গৈছে ।

You might also like