নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিংখাঙৰ শুকুৰবৰীয়া বজাৰখন

টিংখাঙত নাৰী শক্তিৰ প্রদর্শনৰ এক অঘোষিত প্রতিযোগিতা চলিছে৷ পুৰুষৰ তুলনাত কোনোগুণেই যে নাৰী পিছপৰি থকা নাই, ইয়াৰ সুন্দৰ নিদর্শন দেখিবলৈ পোৱা যায় প্রতি শুকুৰবাৰে টিংখাঙত৷ আমি লাজ কৰিলে নহ’ব, আমি আগুৱাই যাব লাগিব৷ আমি কাম কৰিম, কাম কৰি আগুৱাই যাম৷ আমি পৰিয়াল পোহপাল দিম, লগতে সবল কৰিম টিংখাঙৰ গ্রাম্য অর্থনীতি৷ এই আশা–আকাংক্ষা বুকুত সাবটি অদম্য সাহসেৰে হাতত তুলি লৈছে শাক–পাচলি ওজন কৰা তুলাচনী, মাছ–মাংস কটা দা অথবা নিজৰ নিজৰ সামর্থ্য অনুসৰি ৰাইজক যোগান ধৰিব পৰা সা–সামগ্রী৷ কেৱল ৰান্ধনীশালৰ মাজতেই আবদ্ধ হৈ নাথাকি মহিলাই হাতত তুলি ল’লে মাছ–মাংস কটা দা অথবা শাক–পাচলি ওজন কৰা দগা–পাল্লা৷ কোনো গৰাকীয়ে গ্রাহকৰ চাহিদা পূৰণ কৰিবলৈ যোগান ধৰিছে কাপোৰ কানি, মণিহাৰী সা–সামগ্রী নতুবা তামোল–পাণ৷ কোনো সংকোচ নকৰাকৈ সাহসিকতাৰ পৰিচয় দাঙি ধৰি নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে গ্রাম্য অর্থনীতি সবলীকৰণৰ লক্ষ্য–উদ্দেশ্য আগত লৈ ওলাই আহিছে টিংখাঙৰ লগতে সমীপৱর্তী বিভিন্ন অঞ্চলৰ উদ্যমী মহিলাসকল৷ মহিলা সবলীকৰণ তথা গ্রাম্য অর্থনীতি উন্নয়নৰ ক্ষেত্রত এক ইতিবাচক পদক্ষেপ গ্রহণ কৰি টিংখাঙত কিছুদিন পূর্বে মুকলি হ’ল এখন সাপ্তাহিক মহিলা বজাৰ৷ যিখন বজাৰত উপলব্ধ হয় থলুৱা শাক–পাচলিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটসমূহে তৈয়াৰ কৰি উলিওৱা বিভিন্ন সা–সামগ্রী৷ মহিলাসকলৰ স্বাৱলম্বিতাৰ বাবে অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ সৌজন্যত, খণ্ড অভিযান পৰিচালনা গোট, টিংখাঙৰ অধীনত টিংখাং গাঁও পঞ্চায়ত কার্যালয়ৰ সমীপতে আছে এই নাৰী শক্তি সমন্বয় সাপ্তাহিক মহিলা বজাৰখন৷ য’ত বিক্রেতাৰ ৰূপত দেখা যায় কেৱল মহিলাসকলক৷ টিংখাং সমষ্টি টিংখাং, ধমন, শলগুৰি, নাচনী, লেঙেৰী, ৰাজগড, বামোণবাৰী, দিল্লীবাৰী, মাহমৰা আদিৰ উপৰি নাহৰকটীয়া, চাচনী, নামৰূপ আদিৰ পৰা অহা ডেৰ শতাধিকতকৈ অধিক মহিলা ব্যৱসায়ীৰ ভিতৰত শতাধিক আত্মসহায়ক গোটৰ মহিলাসকলে এই বজাৰত অংশগ্রহণ কৰিছে৷ বজাৰখন সুকলমে চলাইনিয়াৰ ক্ষেত্রত সভানেত্রী, সম্পাদিকা, কোষাধ্যক্ষাকে ধৰি এখন সাতজনীয়া সমিতি গঠন কৰি লোৱা হৈছে৷ এই সমিতিৰ সভানেত্রীৰ দায়িত্বত আছে মামণি বৰগোহঁাই, সম্পাদিকা পাউল বৰুৱা, কোষাধ্যক্ষা পৰিস্মিতা গগৈ আৰু সদস্য হিচাপে আছে পঞ্চমী ৰবি দাস, স্মৃতা বৰুৱা, মৌচুমী খনিকৰ আৰু মামণি গগৈ৷ গতিকে নিজৰ ইচ্ছা থাকিলেও অতদিনে এখন বজাৰৰ অভাৱত ঘৰতেই হাত সাবটি বহি থকা এইসকল উদ্যমী মহিলাই এতিয়া কোনো ধৰণৰ সংকোচ নকৰাকৈ নিজৰ পছন্দ অনুসৰি ব্যৱসায় বাছি লৈ গ্রাহকৰ চাহিদা পূৰণ কৰিবলৈ চেষ্টা কৰিছে৷ আৰু এনেদৰে এই ধাৰা অব্যাহত ৰাখিব পাৰিলে এটা সময়ত টিংখাঙৰ মহিলাসকল স্বনির্ভৰশীল হোৱাৰ লগতে গ্রাম্য অর্থনীতি সবলীকৰণৰ ক্ষেত্রতো যথেষ্ট আগুৱাই যাবলৈ সক্ষম হ’ব বুলি ক’ব পৰা যায় ৷

 

  • কৃষ্ণ গগৈ
    ফোনঃ ৮৪৮৬২–৬২২৫০
You might also like