মিঞা সংগ্ৰহালয় সমৰ্থন নকৰোঃ ইছমাইল হুছেইন
নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰঃ সম্প্ৰতি বিতৰ্কৰ মাজত সোমাই পৰিছে মিঞা মিউজিয়াম। মিঞা মিউজিয়ামৰ বিৰোধিতা ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ। কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপন অসমীয়া কলা-সংস্কৃতিৰ প্ৰতি ভাবুকি বুলি মন্তব্য কৰে বিভিন্নজনে।
এই সন্দৰ্ভত বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনে কয় যে বিধানসভাত যি প্ৰস্তাৱ দিয়া হৈছিল সেই প্ৰস্তাৱত চৰ-চাপৰিৰ কথা উল্লেখ আছে কিন্তু মিঞা শব্দটো ব্যৱহাৰ হোৱা নাই। চৰ-চাপৰিত বহু লোক আছে কেৱল মিঞাই নহয়, বিভিন্ন ফৈদৰ লোক আছে। তেওঁলোকে অসমীয়াৰ সৈতে মিলি গৈছে। গতিকে বিধায়ক শ্বেৰমান আলীয়ে নিজে পতা ফান্দত নিজে পৰিছে বুলি মন্তব্য ইছমাইল হুছেইনৰ।