নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্ৰেলিয়াত ভাৰতৰ দিবা-নৈশ টেষ্ট

বি চি চি আইক প্ৰস্তাৱ ক্ৰিকেট অষ্ট্ৰেলিয়াৰ

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ ২০২১ত বিশ্বৰ ক্রিকেটপ্রেমীয়ে দুই শক্তিশালী দল ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত দুখন দিবা–নৈশ টেষ্ট মেচৰ পূর্ণাংগ শৃংখলা দেখিবলৈ পোৱাৰ সম্ভাৱনা প্রকট হৈছে৷ ক্রিকেট অষ্ট্রেলিয়াৰ পৰিকল্পনা সঠিক দিশত আগবাঢ়িলে এয়া হ’ব দিবা–নৈশ টেষ্টৰ প্রথমটো পূর্ণাংগ শৃংখলা৷ ইয়াৰ পূর্বে বিশ্বৰ ভিন্ন প্রান্তত এতিয়ালৈকে মুঠ ১৩খন দিবা–নৈশ টেষ্ট অনুষ্ঠিত হৈছে যদিও গুলপীয়া বলেৰে পূর্ণাংগ শৃংখলা অনুষ্ঠিত হোৱা নাই৷ বি চি চি আইৰ এক সূত্রই সদৰী কৰা অনুসৰি, ক্রিকেট অষ্ট্রেলিয়াই ২০২১ত ভাৰতক দুখন দিবা–নৈশ টেষ্ট খেলাৰ প্রস্তাৱ আগবঢ়াইছে৷ অহা জানুৱাৰীত অষ্ট্রেলিয়াই সীমিত অভাৰ শৃংখলা খেলিবলৈ ভাৰতলৈ অহাৰ সময়ত ক্রিকেট অষ্ট্রেলিয়াৰ এটা প্রতিনিধি দলে বি চি চি আইৰ সৈতে বিষয়টো সন্দর্ভত বিশদভাৱে আলোচনা কৰিব৷ উল্লেখ্য যে আগন্তুক দিনত প্রতিটো শৃংখলাত অতিকমেও এখনকৈ দিবা–নৈশ মেচ খেলোৱাৰ পোষকতা কৰিছিল ব’ডৰ সভাপতি সৌৰভ গাংগুলীয়ে৷

You might also like